দ্বি-ৰাষ্ট্ৰবাদৰ অৱসান( End of Bipolarity)

 দ্বি-ৰাষ্ট্ৰবাদৰ অৱসান( End of Bipolarity)


Q. কেতিয়া শীতল যুদ্ধৰ অৱসান ঘটিছিল ?

Ans: ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ ভংগৰ লগে লগে শীতল যুদ্ধৰ অৱসান ঘটিছিল

 

Q. USSR ( ছোভিয়েট সংঘ) কেতিয়া ভংগ হৈছিল ?

Ans: ১৯৯১ চনত

 

Q. ছোভিয়েট ইউনিয়নৰ ভংগৰ পৰিণতিত কিমানখন নতুন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল ?

Ans: ১৫ খন

 

Q. ছোভিয়েট ইউনিয়নৰ ভংগৰ পৰিণতিত সৃষ্টি হোৱা যিকোনো চাৰিখন ৰাষ্ট্ৰৰ নাম লিখা ?

Ans: ) ৰুছিয়া

         ) ইউক্ৰেইন

         গ) আৰ্মেনিয়া

        ) তুৰ্কমেনিস্তান

 

Q. WARSAW (ৱাৰ্শ্ব') চুক্তি কেতিয়া ভংগ হয় ?

Ans: ১৯৯১ চনত

 

Q. মিখাইল গৰ্বাচেভ্ কোন ?

Ans: USSR প্ৰাক্তন ৰাষ্ট্ৰপতি

 

Q. মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নত প্ৰয়োগ কৰা সংস্কাৰ দুবিধ কি কি আছিল?

Ans: গ্লাছন'ষ্ট(Glasnost) আৰু পেৰেষ্ট্ৰইকাPerestroika)


 Q. ছোভিয়েট ৰুছিয়া আৰু ইয়াৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ ৰুছিয়াৰ সৈতে ভাৰতৰ সমন্ধ কেনেধৰণৰ আছিল আলোচনা কৰা।

    উত্তৰ: শীতল যুদ্ধৰ সময়ত ভাৰত আৰু ছোভিয়েট ইউনিয়নে অত্যন্ত ভাল সম্পর্ক বজাই ৰাখিছিল যাৰবাবে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বাটকটীয়া ভাৰতক এই নীতিৰ বিপৰীতে গৈ ছোভিয়েট ইউনিয়নৰ পক্ষ লোৱা বুলি ক’বলৈ সমালোচকসকলে সুবিধা পাইছিল। ছোভিয়েট ৰুছিয়া আৰু  ইয়াৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ ৰুছিয়াৰ সৈতে থকা ভাৰতৰ এই বহু মাত্ৰিক সমন্ধক তলত দিয়া ধৰণেৰে আলোচনা কৰিব পাৰি।

 অৰ্থনৈতিক: ছোভিয়েট ইউনিয়নে ভাৰতবৰ্ষৰ চৰকাৰী কোম্পানীৰ ক্ষেত্ৰত এনেকুৱা সময়ত সাহার্য আগবঢ়াইছিল যিটো সময়ত এনেকুৱা সাহার্য পোৱাটো কঠিন আছিল। ই ভিল্লাই, বকাৰ’, বিশাখাপট্টনমৰ দৰে ষ্টিল প্লেন্ট আৰু ভাৰত হেভি ইলেক্টিকেল লিমিটেডৰ দৰে মেশ্বিনেৰি প্লেণ্টৰ কাৰণে অনুদান আৰু কাৰিকৰী সাহায্য আগবঢ়াইছিল। ছোভিয়েট ইউনিয়নে ব্যৱসায়ৰ কাৰণে ভাৰতীয় মুদ্রা গ্রহণ কৰিছিল যেতিয়া ভাৰতৰ বৈদেশিক মুদ্রা কম আছিল। বৰ্তমান সময়তো ভাৰতবৰ্ষ আৰু ছোভিয়েট ৰুছিয়াৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ ৰুছিয়াৰ সৈতে অৰ্থনৈতিক দিশত যথেষ্ট বুজা পৰা থকা দেখা যায়। ২০০১ চনত দুয়োখন দেশৰ মাজত ভাৰত-ৰুছিয়া কৌশলগত চুক্তি স্বাক্ষৰিত হয়।

 ৰাজনৈতিক: ৰাষ্ট্ৰসংঘত কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক ছোভিয়েট ইউনিয়নে সমর্থন জনাইছিল। প্রধান সমস্যাসমূহৰ সময়তো ভাৰতৰ প্রতি ই সমর্থন আগবঢ়াইছিল, বিশেষকৈ ১৯৭১ চনত পাকিস্তানৰ সৈতে যুদ্ধ কৰাৰ সময়ত।  পৰোক্ষভাৱে ভাৰতেও কিছুমান দিশত ছোভিয়েট ইউনিয়নৰ বৈদেশিক নীতিকে সমর্থন কৰিছিল। বৰ্তমান সময়তো ছোভিয়েট ইউনিয়নৰ উত্তৰসুৰী ৰুছিয়াই আন্তৰাষ্ট্ৰীয় ৰাজনীতিৰ বিভিন্ন ক্ষেত্ৰত ভাৰতক সমৰ্থন কৰি আহিছে। বিশেষকৈ ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী আসনৰ দাবীক মুকলিকৈ সমৰ্থন কৰাৰ কথা ক’ব পাৰি।

 সামৰিক : ছোভিয়েট ইউনিয়ন পৰা ভাৰতে বহু সামৰিক যন্ত্রপাতি পাইছিল তাৰোপৰি যুটীয়াভাৱে সামৰিক যন্ত্রপাতি উৎপাদন কৰাৰ কাৰণে ভাৰতৰ লগত ছোভিয়েট ইউনিয়নে বহুতো চুক্তি কৰিছিল। বৰ্তমান সময়তো ভাৰতবৰ্ষই ইয়াৰ অস্ত্ৰ শস্ত্ৰৰ এটা বৃহৎ অংশ ৰুছিয়াৰ আমদানি কৰে।

 সাংস্কৃতিক : ভাৰত আৰু ছোভিয়েট ৰুছিয়াৰ  মাজত সাংস্কৃতিক দিশতো এক অনুকুল সম্পৰ্ক গঢ়ি উঠিছিল।হিন্দী চিনেমা আৰু ভাৰতীয় সংস্কৃতি ছোভিয়েট ইউনিয়নত জনপ্রিয়। 

Q. আঘাত নিৰাময় বা shock therapy কি? ইয়াৰ পৰিণতিসমূহৰ বিষয়ে এক আলোচনা আগবঢ়োৱা।

  উত্তৰ: সাম্যবাদী ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত বহুতো ৰাষ্ট্ৰই একনায়কত্ববাদী সমাজবাদী ব্যৱস্থাৰ পৰা গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থালৈ পৰিবৰ্তন হোৱাৰ এক বেদনাদায়ক অভিজ্ঞতাৰ সম্মুখীন হৈছিল। ৰুছিয়া, মধ্য এছিয়া আৰু পূব ইউৰোপত বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ অনুপ্ৰেৰণাত হোৱা এই পৰিবৰ্তনকে আঘাত নিৰাময় বা Shock Therapy বুলি কোৱা হয়।
আঘাত নিৰাময় বা shock therapy ৰ পৰিণতি সমূহ হ'ল-----

১) গুৰু উদ্যোগৰ বিপৰ্যয়: 
  ছোভিয়েট সংঘৰ সমাজবাদী অৰ্থব্যৱস্থাত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা উদ্যোগসমূহক এই ‘আঘাত নিৰাময়‘ প্ৰক্ৰিয়াই ধ্বংস কৰি পেলাইছিল। ৰুছিয়াৰ প্ৰায় ৯০ শতাংশ জাতীয় নিয়ন্ত্ৰণত থকা উদ্যোগ কোনো ব্যক্তি বা প্ৰতিষ্ঠানক বিক্ৰী কৰা হৈছিল। যেতিয়াৰ পৰা চৰকাৰ নিয়ন্ত্ৰিত উদ্যোগ নীতিৰ সলনি বজাৰ নিয়ন্ত্ৰিত নীতিৰ দ্বাৰা উদ্যোগবোৰৰ পুনৰ গঠন আৰম্ভ হ’ল তেতিয়াই এই উদ্যোগবোৰৰ বেয়া দিন আৰম্ভ হোৱা বুলি ক’ব পাৰি। মূল্যবান উদ্যোগসমূহক ইয়াৰ মূল্য নাইকীয়া কৰি বহু কম মূল্যত বিক্ৰী কৰিব খোজা এই গোটেই প্ৰক্ৰিয়াটোক সেয়েহে ‘ইতিহাসৰ বৃহত্তম গেৰেজ বিক্ৰী' বুলিও জনা যায়।

২) ৰুছিয়াৰ মুদ্ৰা ৰুবলৰ মূল্য হ্ৰাস আৰু অভাৱনীয় মুদ্ৰাস্ফিতী: 
      আঘাত নিৰাময়ৰ ফলস্বৰূপে ৰুছিয়াৰ মুদ্ৰা যাক ৰুবল নামেৰে জনা যায় সেই ৰুবলৰ মূল্য অভাৱনীয়ভাৱে কমি যায়। আনহাতে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য দ্ৰুত গতিত বৃদ্ধি পালে। এই অভাৱনীয় মুদ্ৰাস্ফিতীৰ বাবে জনসাধাৰণে দীৰ্ঘদিন ধৰি ৰাখি থোৱা সঞ্চয় তৎকালীন অভাৱ পূৰণৰ বাবে খৰচ কৰিবলৈ বাধ্য হয়। তাৰোপৰি ৰুছিয়াৰ সৰ্বমুঠ ঘৰুৱা উৎপাদনো হ্ৰাস পাইছিল। 

৩) সামাজিক পৰিবৰ্তন:
 পুঁজিবাদী ব্যৱস্থাৰ স্বাৰ্থত পূৰ্বৰ ছোভিয়েট সংঘৰ অংগৰাজ্যসমূহত চলি থকা সামাজিক কল্যাণকামী আঁচনি সমূহৰ সমাপ্তি ঘটোৱা হৈছিল। চৰকাৰী অনুদান ব্যৱস্থা উঠাই লোৱাত বৃহৎসংখ্যক লোক দৰিদ্ৰতাৰ গৰাহত পৰিছিল আৰু এদল মাফিয়াই অৰ্থব্যৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ ধৰিছিল। এনে পৰিস্থিতিত বৌদ্ধিক মহল ক্ৰমে ভাঙি পৰিল আৰু দেশ এৰিবলৈ ধৰিলে। অৰ্থনীতিৰ ব্যক্তিগতকৰণ আৰু উদাৰীকৰণৰ পৰিপ্ৰেক্ষিতত ৰুছিয়াকে ধৰি অন্যান্য গণৰাজ্য সমূহতো সামাজিক আৰু অৰ্থনৈতিক অপৰাধপ্ৰৱণতা আৰু বৈষম্য দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিলে।
    
     ৪)প্ৰকৃত গণতান্ত্ৰিক প্ৰতিষ্ঠান সৃষ্টিত বিফলতা: 
        বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৃষ্ঠপোষকতাত চলা ‘আঘাত নিৰাময়’ৰ মুখ্য লক্ষ্য আছিল পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অংগৰাজ্যসমূহ তথা পূব ইউৰোপৰ পূৰ্বৰ সমাজবাদী দেশসমূহত গণতান্ত্ৰিক ব্যবস্থা প্ৰৱৰ্তন কৰা। কিন্তু বাস্তৱত গণতন্ত্ৰ প্ৰতিষ্ঠাতকৈ  অৰ্থনীতিৰ ব্যক্তিগতকৰণ আৰু উদাৰীকৰণৰ প্ৰক্ৰিয়াইহে অধিক গুৰুত্ব লাভ কৰিছিল। ৰুছিয়াত নিৰ্বাচিত সংসদতকৈ কাৰ্যবাহী ৰাষ্ট্ৰপতিক প্ৰয়োজনতকৈ অধিক শক্তিশালী কৰা হৈছিল। কেন্দ্ৰীয় এছিয়াত বহু কেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধান প্ৰয়োজনাধিক ক্ষমতাৰ অধিকাৰী হৈ স্বেচ্ছাচাৰীহে হৈ উঠিছিল।


১) ছোভিয়েট ব্যৱস্থা কি? ইয়াৰ দুৰ্বলতাসমূহ আলোচনা কৰা।    ২+৪=৬


উত্তৰ:  ১৯১৭ চনৰ বলশ্বেভিক বিপ্লৱৰ পাছত Union of Soviet Socialist Republics চমুকৈ USSRৰ গঠন হয় আৰু এই ছোভিয়েট সংঘই পশ্চিমীয়া পুঁজিবাদী ব্যৱস্থাৰ বিপৰীতে এক বিকল্প ব্যৱস্থাক প্ৰতিনিধিত্ব কৰিছিল।ছোভিয়েট সমাজবাদী ব্যৱস্থাই ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন কৰি,সমতাৰ ভিত্তিত এখন সাম্যবাদী সমাজ গঢ়াৰ প্ৰচেষ্টা চলাইছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটোক নিয়ন্ত্ৰণ কৰিছিল ৰাষ্ট্ৰই আৰু ৰাষ্ট্ৰ পৰিচালনাৰ দায়িত্ব সাম্যবাদী দলৰ হাতত আছিল কাৰণ ইয়াত আন কোনো দলৰে উপস্থিতি সহ্য কৰা হোৱা নাছিল। এই ধৰণৰ ব্যৱস্থাকে ছোভিয়েট ব্যৱস্থা নামেৰে জনা গৈছিল।
ছোভিয়েট ব্যৱস্থাত থকা দুৰ্বলতা সমূহ হ'ল----
১) ছোভিয়েট ব্যৱস্থা বিষয়াকেন্দ্ৰিক আৰু স্বৈচ্ছাস্বাৰী আছিল আৰু অত্যাধিক কেন্দ্ৰীয়কৰণ হোৱাত জনসাধাৰণ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল।
২) নাগৰিকৰ বাকস্বাধীনতা নাছিল।
৩) ইয়াৰ বহুতো সংঘ, অনুষ্ঠান, সাম্যবাদী দলৰ অধীনত আছিল আৰু জনসাধাৰণৰ ওচৰত দায়বদ্ধ নোহোৱাৰ বাবে এনে বহু সংঘৰ সংশোধন অতি প্ৰয়োজনীয় আছিল।
৪) যদিও ছোভিয়েট সংঘত ১৫ খন অংগৰাজ্য আছিল তথাপি ৰুছিয়াইহে প্ৰাধান্য লাভ কৰিছিল।
৫) সামৰিক শক্তি বৃদ্ধি কৰিবলৈ যাওঁতে অধিক অৰ্থ ব্যয় কৰাৰ ফলত যাতায়ত, প্ৰযুক্তিবিদ্যা, আভ্যন্তৰীণ কৌশল আদিত দেশখন পশ্চিমীয়া পুঁজিবাদী ৰাষ্ট্ৰবোৰতকৈ পিছপৰি গৈছিল।


২) ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণসমূহ আলোচনা কৰা।         ৪


উত্তৰ: ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতন ঘটে। ইয়াৰ পতনৰ কাৰণসমূহ হ'ল---
১) অৰ্থনৈতিক স্থবিৰতা: ১৯৬০ দশকৰ পিছৰ পৰা ছোভিয়েট ৰুছিয়াত দেখা দিয়া অৰ্থনৈতিক স্থবিৰতা ইয়াৰ পতনৰ অন্যতম প্ৰধান কাৰণ আছিল। ছোভিয়েট ইউনিয়নে আমেৰিকাৰ সৈতে অৱতীৰ্ণ হোৱা অস্ত্ৰ প্ৰতিযোগিতা আৰু পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ উন্নয়নৰ নামত যথেষ্ট অৰ্থ ব্যয় কৰিবলগীয়া হৈছিল যাৰ ফলত নিজৰ দেশৰ নাগৰিক সকলৰ অভাৱ অভিযোগ পূৰণত চৰকাৰ ব্যৰ্থ হৈছিল আৰু জনসাধাৰণ ক্ষুন্ন হৈ উঠিছিল। একেসময়তে সাধাৰণ নাগৰিক সকলে পশ্চিমৰ পুঁজিবাদী ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নৰ বিষয়ে জ্ঞান লাভ কৰিছিল আৰু ছোভিয়েট ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ বিশ্বাস হ্ৰাস পাইছিল।
২) ৰাজনৈতিক আৰু প্ৰশাসনিক দুৰ্বলতা: সত্তৰ বছৰৰো অধিক কালৰ বাবে ছোভিয়েট ৰুছিয়াত শাসন চলোৱা সাম্যবাদী দল ইয়াৰ জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল। আনহাতে প্ৰশাসনীয় ব্যৱস্থাৰ লগত জড়িত লোকসকল সাম্যবাদী দলৰ ওচৰতহে দায়বদ্ধ আছিল জনসাধাৰণৰ ওচৰত নহয় ফলস্বৰূপে প্ৰশাসনিক ব্যৱস্থাটোত সাংগঠনিক দুৰ্বলতা,অৰাজকতা আৰু দুৰ্নীতিয়ে দেখা দিছিল। ফলত ছোভিয়েট ব্যৱস্থাটোৰ প্ৰতি জনসাধাৰণৰ মোহভংগ হোৱা আৰম্ভ হৈছিল।
৩) মিখাইল গৰ্বাচেভৰ সংস্কাৰৰ নীতি: ১৯৮৫ চনত গৰ্বাচেভ্ ছোভিয়েট ইউনিয়নৰ নেতা নিৰ্বাচিত হয় আৰু তেওঁ ছোভিয়েট ব্যৱস্থাটোত কিছু পৰিবৰ্তন আনিব বিচাৰিছিল সেয়ে তেওঁ  গ্লাচন‘ষ্ট আৰু পেৰেষ্ট্ৰ’ৰিকা  নীতিৰ ঘোষণা কৰিছিল। এই ব্যাপক স্বচ্ছতা(Glasnost) আৰু  পুনৰ গঠন (Perestroika) নীতিয়ে  ছোভিয়েট ৰুছিয়াত পশ্চিমীয়া ৰাজনৈতিক দৰ্শনৰ প্ৰভাৱ বৃদ্ধি কৰে আৰু বিভিন্ন জনগোষ্ঠীসমূহে স্বাধীনতাৰ দাবী উত্থাপনৰ বাবে উৎসাহিত হৈ উঠে। ফলস্বৰূপে ছোভিয়েট ৰুছিয়াৰ পতনৰ পথ প্ৰশস্ত হয়।
৪)জাতীয়তাবাদৰ উত্থান: ছোভিয়েট ইউনিয়ন ১৫ খন অংগৰাজ্যৰ সমষ্টি আছিল।  বিভিন্ন কাৰণ যেনে গৰ্বাচেভৰ নেতৃত্ব, অত্যাধিক কেন্দ্ৰীভূত শাসন ব্যৱস্থা আদিয়ে এই অংগৰাজ্যসমূহত জাতীয়তাবোধৰ ভাবধাৰা গঢ়ি তুলিছিল আৰু ইয়ে ছোভিয়েট ইউনিয়নৰ পতন খৰতকীয়া কৰি তুলিছিল।


 Q.ছোভিয়েট সংঘৰ পতনৰ ফলাফলসমূহ আলোচনা কৰা।

Ans: ১৯৯১ চনত সাম্যবাদী আদৰ্শৰ ধ্বজাবাহক ছোভিয়েট ইউনিয়নৰ পতন ঘটিছিল। ইয়াৰ পতনৰ পৰিণতি বা ফলাফলসমূহ হ'ল-----

১)শীতল যুদ্ধৰ সমাপ্তি: 

 ছোভিয়েট ৰুছিয়াৰ ভাঙোনে দ্বিমেৰুত বিভাজিত বিশ্বত চলি থকা আদৰ্শ বিস্তাৰৰ সংঘাতৰ সমাপ্তি ঘটায়। শীতল যুদ্ধৰ সময়ত NATO ক প্ৰত্যাহ্বান জনাবলৈ ছোভিয়েট ৰুছিয়াৰ নেতৃত্বত গঠিত হোৱা ৱাশ্ব’ চুক্তিও ১৯৯১ চনত ভংগ হয়। তাৰোপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰুছিয়াৰ মাজত চলি থকা অস্ত্ৰ প্ৰতিযোগিতাৰ অৱসান হোৱাত বিশ্বত দীৰ্ঘ সময় ধৰি বিশ্বত চলি থকা যুদ্ধ সদৃশ পৰিবেশৰ পৰা আন্তৰ্জাতিক সম্প্ৰদায় মুক্ত হয়।

২)নতুন বিশ্ব শৃংখলাৰ সৃষ্টি:                    

  ছোভিয়েট  ইউনিয়নৰ পতনৰ লগে   লগে দ্বিমেৰুত বিভাজিত বিশ্ব শৃংখলাৰ অন্ত পৰিল ফলস্বৰূপে বিশ্ব শৃংখলাৰ লগত জড়িত অনুষ্ঠান প্ৰতিষ্ঠান সমূহতো পৰিবৰ্তন ঘটিল। ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত বিশ্বত দুটা বিকল্প ক্ষমতা সমীকৰণৰ সম্ভাৱনাই দেখা দিছিল। সেই দুটা হ’ল--- একক মহাশক্তি হিচাপে ৰৈ যোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য থকা বিশ্ব আৰু বিভিন্ন দেশে বিভিন্ন অঞ্চলত নিজা শিবিৰ গঠন কৰি সৃষ্টি কৰা বহুমেৰু বিশ্ব। কিন্তু পৰবৰ্তী পৰ্যায়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য থকা একমেৰু বিশ্বৰ আৱিৰ্ভাৱ হোৱা দেখা গ’ল।

৩)নতুন ৰাষ্ট্ৰৰ সৃষ্টি: 

  ছোভিয়েট সংই আছিল ১৫ খন অংগৰাজ্যৰ সমষ্টি আৰু ছোভিয়েট ৰুছিয়াৰ পতনৰ পিছত এই অংগৰাজ্য সমূহ  একো একোখন স্বাধীন ৰাষ্ট্ৰত পৰিণত হয় । এই নতুনকৈ সৃষ্টি হোৱা ১৫ খন ৰাষ্ট্ৰৰ মাজৰে কেইবাখনো ৰাষ্ট্ৰ NATO ৰ সদস্যভুক্ত হ’ল  আৰু কেন্দ্ৰীয় এছিয়াৰ দেশ কেইখনে নিজৰ ভৌগোলিক অৱস্থিতিৰ সুবিধা গ্ৰহণ কৰি চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ৰাষ্ট্ৰ সমূহৰ সৈতে ভাল সমন্ধ বৰ্তাই ৰাখিবৰ বিচাৰিলে।

৪)বিশ্ব অৰ্থনীতিত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ প্ৰক্ৰিয়াৰ দ্ৰুত প্ৰসাৰ: 

      আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিদ্বন্দ্বী হিচাপে ছোভিয়েট ৰুছিয়াৰ উপস্থিতিৰ সময়ছোৱাত তৃতীয় বিশ্বৰ দেশসমূহে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ জড়িয়তে আন্তৰ্জাতিক অৰ্থনৈতিক ব্যৱস্থাটোত চলি থকা  বৈষম্য দূৰ কৰি এক নব্য আন্তৰ্জাতিক অৰ্থব্যৱস্থা গঢ়ি তোলাৰ দাবী শক্তিশালীভাৱে উত্থাপন কৰিবলৈ সক্ষম হৈছিল। কিন্তু ছোভিয়েট সংঘ ভাঙি পৰাৰ পিছত একক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থানৰ লগে লগে নব্য আন্তৰ্জাতিক অৰ্থব্যৱস্থাৰ ধাৰণাটো দুৰ্বল হৈ পৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত চলা উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়াই দ্ৰুত প্ৰসাৰ লাভ কৰে আৰু ই তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহক গ্ৰাস কৰি পেলাইছে বুলি ক’ব পাৰি।

Q. ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত পৰিবৰ্তীত বিশ্ব ৰাজনীতিত কেনেধৰণৰ বিশ্ব শংখলাৰ সম্ভাৱনীয়তাৰ সৃষ্টি হৈছিল?

উত্তৰ: ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত বিশ্বত দুটা বিকল্প ক্ষমতা সমীকৰণৰ সম্ভাৱনাই দেখা দিছিল। সেই দুটা হ’ল--- একক মহাশক্তি হিচাপে ৰৈ যোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য থকা বিশ্ব আৰু বিভিন্ন দেশে বিভিন্ন অঞ্চলত নিজা শিবিৰ গঠন কৰি সৃষ্টি কৰা বহুমেৰু বিশ্ব। কিন্তু পৰবৰ্তী পৰ্যায়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য থকা একমেৰু বিশ্বৰ আৱিৰ্ভাৱ হোৱা দেখা গ’ল।


Comments