প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে
১)ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ : পি.চি. মহলানৱীশ । ২) ভাৰতৰ সেউজ বিপ্লৱৰ নায়ক বুলি কাক কোৱা হয়? উত্তৰ : এম. এছ. স্বামীনাথনক। ৩) শ্বেত বিপ্লৱ কিহৰ উৎপাদনৰ লগত জড়িত? উত্তৰ : গাখীৰৰ। ৪) ভাৰতৰ গুৱাল বুলি কাক কোৱা হয়? উত্তৰ : ভাৰ্গিজ কুৰিয়েনক। ৫) দেশ বিভাজনৰ সময়ত বিভিন্ন সাম্প্রদায়িক মণ্ডলত বিভাজিত হৈ পৰা তিনিখন নগৰৰ নাম লিখা। উত্তৰ : অমৃতসৰ, লাহোৰ আৰু কলিকতা (কলকাতা) ৬) স্বাধীনতাৰ সময়ত মণিপুৰৰ মহাৰজা কোন আছিল? উত্তৰ : বোধচন্দ্ৰ ৭) দেশ বিভাজনৰ দ্বাৰা কোন দুখন বৃটিছ ভাৰতৰ প্ৰদেশ অতি বেয়াকৈ ক্ষতিগ্রস্ত হৈছিল? উত্তৰ : বংগ প্ৰদেশ আৰু পঞ্জাব। ৮) কোনে আৰু কেতিয়া মহাত্মা গান্ধীক হত্যা কৰিছিল ? উত্তৰ : ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনা আবেলিৰ এক প্ৰাৰ্থনা সভাত নাথুৰাম বিনায়ক গডছে । ৯) ভাৰতৰ কোনটো অংশত সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত প্রথমে নির্বাচন অনুষ্ঠিত হৈছিল ? উত্তৰ : মণিপুৰ । ১০) ভাৰতীয় নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল আৰু প্ৰথমগৰাকী মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল? উ...