Posts

Showing posts with the label HS FIRST YEAR (Political science)

ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ(HS FIRST YEAR)

Q. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ক্ষমতা আৰু কাৰ্যাৱলী সমূহ আলোচনা কৰা। Ans : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ক্ষমতা আৰু কাৰ্যাৱলী সমূহ হ'ল-----  ১) ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে স্বপ্ৰণোদিতভাৱে বা কোনো ব্যক্তি বা ভূক্তভোগী ব্যক্তিৰ হৈ অন্ত কোনো লোকে মানৱ অধিকাৰ ভংগৰ বিষয়ত আবেদন কৰিলে আয়োগে সেই মানৱ অধিকাৰৰ লংঘন আৰু ইয়াৰ নিবাৰণত কৰা অৱহেলাৰ গোচৰ সমন্ধে অনুসন্ধান কৰিব পাৰে।   ২) মানৱ অধিকাৰৰ লংঘনৰ অভিযোগৰ অনুসন্ধানৰ সময়ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় চৰকাৰ আৰু যথাস্থিতি ৰাজ্য চৰকাৰৰ সহমতিসহ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়া আৰু তদন্তকাৰি সংস্থাৰ ব্যৱহাৰ কৰিব পাৰে।   ৩)   মানৱ অধিকাৰৰ ক্ষেত্ৰত গৱেষণা হাতত লোৱা আৰু উন্নিত কৰা।   ৪)   ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহলৈ বাৰ্ষিক প্ৰতিবেদন আকাৰে মানৱ অধিকাৰৰ লংঘনৰ ঘটনাক বাধা দিবলৈ ল’ব পৰা উপযুক্ত ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়ায় আৰু ৰাষ্ট্ৰপতিৰ ওচৰত ইয়াৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। তাক শেষত সংসদত দাখিল কৰা হয়।

জাতীয়তাবাদ( Nationalism) political science, HS FIRST YEAR

   জাতীয়তাবাদ 1. জাতীয়তাবাদৰ সীমাবদ্ধতা সমূহ আলোচনা কৰা । Ans : জাতীয়তাবাদৰ সমৰ্থনত বিভিন্ন যুক্তি আছে যদিও   ইয়াৰ সীমাবদ্ধতাবোৰ উপেক্ষা কৰিব নোৱাৰি । ইয়াৰ সীমাবদ্ধতাবোৰ তলত আলোচনা কৰা হ ’ ল। ১। কৃত্রিম জাতিপ্রেম :    কৃত্রিম জাতীয়তাবাদ হৈছে ভণ্ড জাতিপ্রেম। এনে বিকৃত জাতীয়তাবাদে সমাজ আৰু সভ্যতাৰ শত্ৰুত পৰিণত হয়।   ২। সভ্যতাৰ অগ্ৰগতিৰ পথত প্রতিবন্ধক : উগ্র জাতীয়তাবাদে নিজৰ সম্পর্কে গর্ববোধ আৰু অন্যান্য জাতিৰ প্রতি হীনভাৱ সৃষ্টি কৰে । উগ্র জাতীয়তাবাদে বিভিন্ন জাতিৰ মাজত হিংসা আৰু বিদ্বেষৰ ভাব সৃষ্টি কৰি সিবিলাকৰ মাজত শ্ৰেষ্ঠতা প্ৰতিষ্ঠাৰ বিকৃত প্ৰতিযোগিতাৰ সৃষ্টি কৰে ফলত মানৱ সভ্যতাৰ সমুখত সংকটে দেখা দিয়ে । ৩। সাম্রাজ্যবাদৰ আশংকা : উগ্র জাতীয়তাবাদে সাম্রাজ্যবাদৰ জন্ম দিয়ে। উগ্র জাতীয়তা ভাবেৰে উদ্বুদ্ধ হৈ শক্তিশালী জাতিবিলাকে সাম্রাজ্যবাদৰ লিপ্সা চৰিতাৰ্থ কৰাৰ বাবে ব্যস্ত হৈ পৰে। ফলত দুর্বল ৰাষ্ট্ৰবিলাক শক্তিশালী ৰাষ্ট্ৰবিলাকৰ উপনিৱেশত পৰিণত হয়। এইদ...