সমতা(political science HS FIRST YEAR)
Q.সমতা কি?
উত্তৰ: সমতা এটা শক্তিশালী নৈতিক আৰু ৰাজনৈতিক আদর্শ, যিয়ে কেইবাশতিকাজুৰি মানৱ সমাজক অনুপ্রাণিত আৰু পথ-প্রদর্শন কৰি আহিছে। ৰাজনৈতিক আদর্শ হিচাপে সমতাই বর্ণ, লিঙ্গ, জাতি আৰু জাতীয়তা নির্বিশেষে সকলো মানুহৰ সমান মূল্য থকাটোৱেই প্রতিপন্ন কৰে।চমুকৈ সমতাই জন্ম বা সামাজিক পৰিৱেশৰ ভিত্তিত বৈষম্যৰ সৃষ্টি নকৰি সকলোকে সমান সুযোগ প্ৰদান কৰাটোকেই বুজায়।
Q. সমতাৰ বিভিন্ন দিশসমূহ আলোচনা কৰা।
বা
বিভিন্ন প্ৰকাৰৰ সমতা কি কি? আলোচনা কৰা।
উত্তৰ: ১)ৰাজনৈতিক সমতা: এখন গণতান্ত্ৰিক সমাজত ৰাজনৈতিক সমতাই ৰাষ্ট্ৰৰ সকলো সদস্যক সমানে গুৰুত্ব দিয়াটোকে বুজায়। জাতি,বৰ্ণ,ধৰ্ম,ভাষা,লিংগ আদিৰ নিৰ্বিশেষে যেতিয়া এখন ৰাষ্ট্ৰৰ সকলো নাগৰিকে ভোটদানৰ অধিকাৰ, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অধিকাৰ,মত প্ৰকাশৰ অধিকাৰ,চৰকাৰী কাম কাজত অংশগ্ৰহণ কৰাৰ অধিকাৰ লাভ কৰিলে সেই ৰাজনৈতিক সমাজত ৰাজনৈতিক সমতা আছে বুলি ক’ব পাৰি। ৰাজনৈতিক সমতাৰ উপস্থিতিতো সমাজত সম্পদ আৰু সুযোগৰ পাৰ্থক্যৰ বাবে অসমতা লক্ষ্য কৰা যায়। তথাপিও ৰাজনৈতিক সমতাৰ গুৰুত্ব অগ্ৰাহ্য কৰিব নোৱাৰি।
২) সামাজিক সমতা: সামাজিক সমতাই সকলো ব্যক্তি বা ব্যক্তিসমষ্টিৰ বাবে সামাজিক সুযোগ- সুবিধাৰ সমতাকে বুজায়। যেতিয়া জাতি, ধৰ্ম,ভাষা,বৰ্ণ আদিৰ ভিত্তিত কোনো মানুহৰ লগত আন মানুহৰ পাৰ্থক্য নিৰূপণ কৰা নহয়, তেতিয়াই সামাজিক সাম্য থকা বুলি কোৱা হয়। বিশেষ সুবিধা ভোগ কৰিবলৈ পোৱা আৰু প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হোৱা এই দুয়োটাই সামাজিক সমতাৰ বিৰোধী। আনকথাত সামাজিক সমতাই সমাজৰ দৃষ্টিত মানুহৰ লগত মানুহৰ সমতাক বুজায়।
৩) অৰ্থনৈতিক সমতা: অৰ্থনৈতিক সমতাৰ অবিহনে সামাজিক আৰু ৰাজনৈতিক সমতাৰ ব্যৱহাৰিক মূল্য কমি যায়। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ সম বিতৰণ, সমান কামৰ বাবে সমান মজুৰি আদি অৰ্থনৈতিক সমতাৰ মূল বস্তু। এখন সমাজত সম্পদ আৰু আয়ৰ ক্ষেত্ৰত চৰম সমতা সম্ভৱ নহয়। যিহেতু কৰ্মশক্তি,বিদ্যা-বুদ্ধি আদিৰ ক্ষেত্ৰত মানুহৰ মাজত প্ৰভেদ থাকে, গতিকে আৰ্থিক ক্ষেত্ৰতো মানুহৰ মাজত প্ৰভেদ থকাটো স্বাভাৱিক। অৰ্থনৈতিক সমতাই ঘাইকৈ দুটা কথা বুজায়। নকাৰাত্মকভাৱে ক’বলৈ হ’লে বিশেষ লোকৰ বাবে বিশেষ সুবিধা থাকিব নালাগে আৰু সকাৰাত্মকভাৱে ক’বলৈ হ’লে জীৱন ধাৰণৰ বাবে নুন্যতম সুবিধা সকলোৱে পাব লাগে। এই দুটা ব্যৱস্থা থাকিলেই আৰ্থিক সমতা থকা বুলি ক’ব পাৰি।
Q.নাৰীত্ববাদ বা নাৰীবাদ কি?
উত্তৰ: নাৰীত্ববাদ বা নাৰীবাদ হৈছে পুৰুষ আৰু মহিলাৰ সম অধিকাৰৰ দাবী তোলা এটা ৰাজনৈতিক মতবাদ। নাৰীবাদী সকলে বিশ্বাস কৰে যে সমাজত পুৰুষ আৰু মহিলাৰ মাজত থকা বেছিভাগ অসমতাই প্ৰয়োজনীয়ও নহয় আৰু প্ৰাকৃতিকো নহয় আৰু সেইবোৰ সলনি কৰিব পৰা যায় যাতে পুৰুষ আৰু মহিলা দুয়ো মুক্ত আৰু সমান জীৱন নিৰ্বাহ কৰিব পাৰে।
Q. ৰাম মনোহৰ লোহিয়াই উল্লেখ কৰা পাঁচ ধৰণৰ অসমতা কি কি?
উত্তৰ: ৰাম মনোহৰ লোহিয়াই উল্লেখ কৰা পাঁচ ধৰণৰ অসমতা হ’ল--
১)পুৰুষ আৰু মহিলাৰ মাজৰ অসমতা
২)গাৰ বৰ্ণৰ ভিত্তিত সৃষ্টি হোৱা অসমতা
৩)জাতিগত অসমতা
৪)কিছুমান ৰাষ্ট্ৰৰ ওপৰত উপনিবেশিক শাসন, আৰু
৫)অৰ্থনৈতিক অসমতা
Q. সমতা প্ৰতিষ্ঠাৰ বিভিন্ন উপায়সমূহ কি কি?
বা
কি কি উপায়েৰে সমতাৰ উৎকৰ্ষ সাধন কৰিব পাৰি?
উত্তৰ: সমতা প্ৰতিষ্ঠাৰ বিভিন্ন উপায়সমূহ হ'ল---
১)ৰীতিসিদ্ধ সমতা প্ৰতিষ্ঠা: সমতা প্ৰতিষ্ঠাৰ প্ৰথম পদক্ষেপেই হৈছে ৰীতিসিদ্ধ অসমতা আৰু বিশেষ সুবিধাৰ সমাপ্তি ঘটোৱা। বিশ্বৰ সকলো ঠাইতে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক অসমতা সমূহ প্ৰথা-পৰম্পৰা বা বিধিগত ব্যৱস্থাৰ দ্বাৰা প্ৰতিপালিত হোৱা দেখা যায়। উদাহৰণস্বৰূপে মহিলাসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা বা কিছুমান বৃত্তিত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ নিদিয়াৰ যি ব্যৱস্থা বিশ্বৰ বিভিন্ন প্ৰান্তত চলি আছিল বা কোনো কোনো ঠাইত এতিয়াও চলি আছে তালৈ আঙুলিয়াব পাৰি। সমতা প্ৰতিষ্ঠাৰ বাবে দেশৰ আইনত থকা আসোঁৱাহসমূহ দূৰ কৰি বিধিগত অসমতা নাইকীয়া কৰাৰ লগতে সাংবিধানিক উপায়েৰে প্ৰথা-পৰম্পৰাৰ দ্বাৰা প্ৰতিপালিত অসমতা নিশেষ কৰিব লাগিব।
২) প্ৰভেদমূলক আচৰণৰ জড়িয়তে সমতা: ৰীতিসিদ্ধ সমতা বা আনুষ্ঠানিক সমতা অতি প্ৰয়োজনীয় যদিও সমতাৰ নীতিক বাস্তৱত উপলব্ধি কৰিবলৈ ই যথেষ্ট নহয়। সমাজৰ সকলো লোকেই যাতে সমান অধিকাৰ ভোগ কৰিব পাৰে তাৰ কাৰণে মানুহৰ মাজত থকা বিভিন্নতাক বিবেচনা কৰিব লগা হয় আৰু সমতা প্ৰতিষ্ঠাৰ বাবে সমাজৰ বিভিন্ন লোকৰ প্ৰতি পৃথক পৃথক আচৰণ কৰাতো প্ৰয়োজনীয় হৈ পৰে। উদাহৰণস্বৰূপে ৰাতি Call Centre ত কাম কৰা মহিলা সকলক তেওঁলোকৰ কৰ্ম স্থানৰ পৰা অহা-যোৱা কৰিবৰ বাবে বিশেষ সুবিধাৰ প্ৰয়োজন,যাতে তেওঁলোকে কাম কৰাৰ অধিকাৰ ভোগ কৰিব পাৰে। এনে ক্ষেত্ৰত তেওঁলোকক এই বিশেষ সুবিধা প্ৰদান কৰিলে সমতাৰ নিয়ম ভংগ হোৱা বুলি কোৱা নহয়। অৰ্থাৎ আমি ক’ব পাৰো যে অসমানৰ প্ৰতি সমান আচৰণ প্ৰদৰ্শন কৰিলে ই অসমতাৰহে সৃষ্টি কৰিব পাৰে।
৩) সন্মতি সাপেক্ষ কাৰ্য: সন্মতি সাপেক্ষ কাৰ্য- এই ধাৰণাটোৰ ওপৰত প্ৰতিষ্ঠিত যে আনুষ্ঠানিক সমতা প্ৰতিষ্ঠাৰ বাবে প্ৰচলিত আইনসমূহেই যথেষ্ট নহয়। সমাজত গভীৰভাৱে শিপাই থকা অসমতাক আঁতৰ কৰিবলৈ বা এই বোৰক নুন্যতম পৰ্যায়লৈ নিবলৈ কিছুমান ইতিবাচক কাৰ্য হাতত লোৱাতো প্ৰয়োজনীয়। এই সন্মতি সাপেক্ষ কাৰ্যৰ মূল উদ্দেশ্য হ’ল অতীতৰ পৰা চলি অহা অসমতাৰ প্ৰভাৱক দূৰ কৰা। সমাজৰ পিছপৰা শ্ৰেণীৰ বাবে শিক্ষা, চৰকাৰী চাকৰি আদিত আনুপাতিক অংশ সংৰক্ষণৰ ব্যৱস্থা, পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত ছাত্ৰ-ছাত্ৰীৰ বাবে জলপানিৰ ব্যৱস্থা আদি এই সন্মতি সাপেক্ষে কাৰ্যৰ উদাহৰণ। এনেধৰণৰ কাৰ্য ব্যৱস্থাই পিছপৰা শ্ৰেণীৰ লোকসকলক তেওঁ লোকৰ অসুবিধা সমূহ অতিক্ৰম কৰি সমাজৰ আনসকলৰ লগত সমানে খোজ দিয়াত সহায় কৰিব। অৰ্থাৎ সমতা প্ৰতিষ্ঠাৰ সহায়ক হ’ব।
Very important
ReplyDelete