প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে
১)ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ: পি.চি. মহলানৱীশ ।
২) ভাৰতৰ সেউজ বিপ্লৱৰ নায়ক বুলি কাক কোৱা হয়?
উত্তৰ: এম. এছ. স্বামীনাথনক।
৩) শ্বেত বিপ্লৱ কিহৰ উৎপাদনৰ লগত জড়িত?
উত্তৰ: গাখীৰৰ।
৪) ভাৰতৰ গুৱাল বুলি কাক কোৱা হয়?
উত্তৰ: ভাৰ্গিজ কুৰিয়েনক।
৫) দেশ বিভাজনৰ সময়ত বিভিন্ন সাম্প্রদায়িক মণ্ডলত বিভাজিত হৈ পৰা তিনিখন নগৰৰ নাম লিখা।
উত্তৰ: অমৃতসৰ, লাহোৰ আৰু কলিকতা (কলকাতা)
৬) স্বাধীনতাৰ সময়ত মণিপুৰৰ মহাৰজা কোন আছিল?
উত্তৰ: বোধচন্দ্ৰ
৭) দেশ বিভাজনৰ দ্বাৰা কোন দুখন বৃটিছ ভাৰতৰ প্ৰদেশ অতি বেয়াকৈ ক্ষতিগ্রস্ত হৈছিল?
উত্তৰ: বংগ প্ৰদেশ আৰু পঞ্জাব।
৮) কোনে আৰু কেতিয়া মহাত্মা গান্ধীক হত্যা কৰিছিল ?
উত্তৰ: ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনা আবেলিৰ এক প্ৰাৰ্থনা সভাত নাথুৰাম বিনায়ক গডছে ।
৯) ভাৰতৰ কোনটো অংশত সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত প্রথমে নির্বাচন অনুষ্ঠিত হৈছিল ?
উত্তৰ: মণিপুৰ ।
১০) ভাৰতীয় নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল আৰু প্ৰথমগৰাকী মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল?
উত্তৰ: ভাৰতীয় নিৰ্বাচন আয়োগ ১৯৫০ চনত গঠন কৰা হৈছিল আৰু ইয়াৰ মূখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীৰ নাম আছিল সুকুমাৰ সেন।
১১) সংবিধানসভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?
উত্তৰ: ভীমৰাও ৰামজী আম্বেদকাৰ।
১২) সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল?
উত্তৰ: ডঃ ৰাজেন্দ্ৰ প্ৰসাদ।
১৩) মৌলিক অধিকাৰ সমূহ ভাৰতৰ সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে?
উত্তৰ: তৃতীয় অংশত
১৪) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি সমূহ ভাৰতৰ সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে?
উত্তৰ: চতুৰ্থ অংশত।
১৫) ভাৰতৰ সংবিধানখন কেতিয়া সংবিধান সভাই গ্ৰহণ কৰিছিল?
উত্তৰ: ১৯৪৯ চনৰ ২৬ নবেম্বৰত।
১৬) ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছে?
উত্তৰ: ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।
১৭) ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হৈছিল?
উত্তৰ: ২ বছৰ ১১ মাহ ১৮ দিন।
১৮) কিমান চনত সংবিধান সভাই ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখন গ্ৰহণ কৰিছিল?
উত্তৰ: ১৯৪৭ চনৰ ২২জুলাইত।
১৯) UNESCO অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথমজন সঞ্চালক প্ৰধান কোন আছিল ?
উত্তৰ: জুলিয়ান হাক্সলে
২০) ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমান ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?
বা
ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্যৰ সংখ্যা কিমান?
Ans: ৫১ খন।
২১) বৰ্তমান ৰাষ্ট্ৰসংঘত কিমান সদস্য ৰাষ্ট্ৰ আছে?
Ans: বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰাষ্ট্ৰৰ সংখ্যা হ’ল ----- ১৯৩ খন।(২০০৬ চনলৈকে ইয়াৰ সদস্যৰাষ্ট্ৰৰ সংখ্যা ১৯২ খন আছিল)
২২) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ___ খন স্থায়ী আৰু ___খন অস্থায়ী সদস্যৰাষ্ট্ৰ আছে।
Ans: ৫ খন স্থায়ী আৰু ১০ খন অস্থায়ী।
Comments
Post a Comment
Please donot enter any spam link in the comment box.