ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ(HS FIRST YEAR)


Q. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ক্ষমতা আৰু কাৰ্যাৱলী সমূহ আলোচনা কৰা।

Ans: ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ক্ষমতা আৰু কাৰ্যাৱলী সমূহ হ'ল-----

 ১) ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে স্বপ্ৰণোদিতভাৱে বা কোনো ব্যক্তি বা ভূক্তভোগী ব্যক্তিৰ হৈ অন্ত কোনো লোকে মানৱ অধিকাৰ ভংগৰ বিষয়ত আবেদন কৰিলে আয়োগে সেই মানৱ অধিকাৰৰ লংঘন আৰু ইয়াৰ নিবাৰণত কৰা অৱহেলাৰ গোচৰ সমন্ধে অনুসন্ধান কৰিব পাৰে।

  ২) মানৱ অধিকাৰৰ লংঘনৰ অভিযোগৰ অনুসন্ধানৰ সময়ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় চৰকাৰ আৰু যথাস্থিতি ৰাজ্য চৰকাৰৰ সহমতিসহ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়া আৰু তদন্তকাৰি সংস্থাৰ ব্যৱহাৰ কৰিব পাৰে।

  ৩)   মানৱ অধিকাৰৰ ক্ষেত্ৰত গৱেষণা হাতত লোৱা আৰু উন্নিত কৰা।

  ৪)   ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহলৈ বাৰ্ষিক প্ৰতিবেদন আকাৰে মানৱ অধিকাৰৰ লংঘনৰ ঘটনাক বাধা দিবলৈ ল’ব পৰা উপযুক্ত ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়ায় আৰু ৰাষ্ট্ৰপতিৰ ওচৰত ইয়াৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। তাক শেষত সংসদত দাখিল কৰা হয়।


Comments