অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ
Q. অনবীকৰণযোগ্য সম্পদ কাক কয়?
ANS: যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণযোগ্য(Non- Renewable) বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে৷ প্ৰাকৃতিক গেছ, খনিজ তেল, খনিজ পদাৰ্থ, কয়লা আদি তেনে সম্পদ৷ এনেবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে লোপ পায়৷
Q. নৱীকৰণযোগ্য বা পুনঃপূৰ্ণীকৃত সম্পদ কাক বোলে?
ANS: যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে নিঃশেষ হৈ নোহোৱাকৈ ৰাখিব পাৰি তেনে সম্পৰ্কে নৱীকৰণযোগ্য পুনঃসৃষ্টিক্ষম সম্পদ বোলে।
Q. জীৱীয় সম্পদ কাক বোলে?
ANS: প্ৰাকৃতিক গঠন অনুসৰি সম্পদ সমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয়(Biotic) সম্পদ বোলে। যেনে: উদ্ভিদ, প্ৰাণী, শস্য আদি।
Q. অজীৱীয় সম্পদ কাক বোলে?
ANS:প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰ নির্জীৱ তেনেবোৰ সম্পদকে অজীৱীয় সম্পদ৷ কয়লা, খনিজ, তেল প্ৰাকৃতিক গেছ আদি উৎপত্তিৰ দিশৰপৰা জীৱীয় মূলৰ আছিল যদিও বর্তমান অৱস্থাত নির্জীৱ সম্পদৰ শ্ৰেণীত পৰে৷
Q. মানৱসৃষ্ট সম্পদ কাক বোলে?
ANS: প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সমাগ্ৰীয়েই প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰয়ুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়৷ মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্ৰীবোৰেই মানৱসৃষ্ট সম্পদ৷ জলসিঞ্চন, প্লাষ্টিক, কাগজ আদি তেনে মানৱসৃষ্ট সম্পদ৷
Q. প্ৰাথমিক বৃত্তি কাক বোলে?
ANS: যি কার্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা সম্পদ আহৰণ কৰে সেয়ে প্ৰাথমিক বৃত্তি৷
Q. দ্বিতীয়ক বৃত্তি কাক বোলে?
ANS: যি কার্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলে সেয়াই দ্বিতীয়ক বৃত্তি৷
Q. তৃতীয়ক বৃত্তি কাক বোলে?
ANS: যি কার্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে৷
Q. চতুৰ্থক বৃত্তি কাক বোলে?
ANS: দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহক সূচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰা কার্যসমূহেই হ’ল চতুৰ্থক বৃত্তি।
Q. জুলিয়ান হাক্সলে কোন?
ANS: জুলিয়ান হাক্সলে আছিল এগৰাকী বৃটিছ জীৱ বিজ্ঞানী। তেওঁ UNESCO অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথমজন সঞ্চালক প্ৰধান।
Q. স্থানিক সম্পদ কাক কয়?
ANS: প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ স্থানতহে উপলভ্য তেনে সম্পদ বোৰক স্থানিক সম্পদ বোলা হয়৷
Q. সম্পত্তি কি?
ANS: যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি (Wealth) বোলা হয়। মন কৰিবলগীয়া যে ব্যৱহাৰৰ উপযোগী হোৱাৰ উপৰি সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক এজনৰপৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। ভূমি, ঘৰ-দুৱাৰ, যন্ত্র-পাতি, কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি। কিন্তু সূৰ্যৰ ৰশ্মি, বায়ু, পানী, মৃত্তিকা, নদী-হ্রদ, শিক্ষা, সামাজিক অনুষ্ঠান, উপযুক্ত চৰকাৰ, জনস্বাস্থ্য আধিক সম্পত্তিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা নহয়। কাৰণ ইয়াৰে কিছুমান অপর্যাপ্ত আৰু আন কিছুমান হস্তান্তৰ নহয় আৰু বজাৰ মূল্য নাই।
Q. ব্যক্তিগত সম্পদ কাক বোলে?
ANS: পৃথিৱীত উপলভ্য সকলোবোৰ সম্পদক মালিকীস্বত্বৰ ভিত্তিত ব্যক্তিগত, জাতীয় আন্তর্জাতিক সম্পদ হিচাপে শ্রেণী বিভক্ত কৰিব পাৰি। মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে— ভাল চৰিত্ৰ, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ (Individual or Personal Resource) বোলা হয়।
[Q] তলৰ কোনটো অনবীকৰণযোগ্য বা ক্ষয়শীল সম্পদ
(a) পানী
(b) বায়ু
(c) গছ-গছনি
(d) খনিজ তেল
[ANS] পানী
[Q] তলৰ কোনবিধ সম্পদ নবীকৰণযোগ্য সম্পদ
(a) শস্য
(b) চূণশিল
(c) লো
(d) কয়লা
[ANS] শস্য
[Q] তলৰ সম্পদ সমূহৰ কোনবিধ জীৱীয় সম্পদ
(a) মাছ
(b) কয়লা
(c) মাটি
(d) পানী
[ANS] মাছ
[Q] তলৰ সম্পদসমূহৰ কোনবিধ অজীৱীয় সম্পদ
(a) বায়ু
(b) উদ্ভিদ
(c) জন্তুবোৰ
(d) শস্য
[ANS] বায়ু
[Q] তলৰ কোনটো মানৱসৃষ্ট সম্পদ
(a) অৰণ্য
(b) জলসিঞ্চন
(c) নদ-নদী
(d) খনিজ তেল
[ANS] জলসিঞ্চন
[Q] প্ৰখ্যাত অৰ্থনীতিবিদ ________ মতে সম্পদ হ’বলৈ এবিধ সামগ্ৰীৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব।
(a) আদাম স্মিথৰ
(b) জিম্মাৰমানৰ
(c) ডাৰ্কেনৱাল্ডৰ
(d) চি. এফ.জন্সৰ
[ANS] জিম্মাৰমানৰ
[Q] অর্থনৈতিক ভুগোলৰ পিতৃ স্বৰূপ হ’ল-
(a) আদাম স্মিথ
(b) জিম্মাৰমান
(c) পিটাৰ হেগেট
(d) জর্জ ছিজ হ’ম
[ANS] জর্জ ছিজ হ’ম
[Q] তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়-
(a) মাছ ধৰা কাৰ্য
(b) খনিজ সম্পদ আহৰণ
(c) পৰ্যটনৰ লগত জড়িত অৰ্থনৈতিক কাৰ্য
(d) কৃষি কর্ম
[ANS] পৰ্যটনৰ লগত জড়িত অৰ্থনৈতিক কাৰ্য
[Q] তলৰ কোনটো দ্বিতীয়ক বৃত্তি -
(a) মাছ ধৰা কার্য
(b) যাতায়ত আৰু পৰিবহণ জড়িত অৰ্থনৈতিক কার্য
(c) প্ৰচাৰ মাধ্যমৰ লগত জড়িত অৰ্থনৈতিক কাৰ্য
(d) নির্মাণ কার্য
[ANS] নির্মাণ কার্য
[Q] তলৰ কোনটো তৃতীয়ক বৃত্তি নহয়-
(a) পাইকাৰী বা খুচৰা বিক্ৰীৰ সৈতে জড়িত অৰ্থনৈতিক কাৰ্য
(b) পৰ্যটনৰ লগত জড়িত অৰ্থনৈতিক কাৰ্য
(c) বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কার্য
(d) পৰিবহণৰ সৈতে জড়িত অৰ্থনৈতিক কাৰ্য
[ANS] বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কার্য
[Q] তলৰ কোনটো চতুর্থক বৃত্তি
(a) শিক্ষা গৱেষণাৰ লগত জড়িত কার্য
(b) শিল্পোৎপাদন প্ৰক্ৰিয়া
(c) কৃষি কাৰ্য
(d) পর্যটনৰ সৈতে জড়িত অর্থনৈতিক কার্য
[ANS] শিক্ষা গৱেষণাৰ লগত জড়িত কার্য
[Q] UNESCO অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথমজন সঞ্চালক প্ৰধান আছিল---
(a) জুলিয়ান হাক্সলে
(b) ট্ৰেগভ লি
(c) কফি আন্নান
(d) জৰ্জ ছিজহ'ম
[ANS] জুলিয়ান হাক্সলে
[Q] তলৰ কোনজন ব্যক্তিৰ প্ৰচেষ্টাত আন্তঃৰাষ্ট্ৰীয় পৰিবেশ সংৰক্ষণ সংস্থা (IUCN) প্ৰতিষ্ঠিত হৈছিল?
(a) পিটাৰ হেগেট
(b) জুলিয়ান হাক্সলে
(c) জৰ্জ ছিজহ’ম
(d) জিম্মাৰমান
[ANS] জুলিয়ান হাক্সলে
[Q] ICUN ৰ সম্পূৰ্ণ ৰূপটো হ’ল---
(a) International Union for Conservation of Nature
(b) Inter-State Union for Conservation of Nature
(c) International Union for Conservation of Nation
(d) International Union for Conflict of Nature
[ANS] International Union for Conservation of Nature
[Q] আন্তঃৰাষ্ট্ৰীয় পৰিবেশ সংৰক্ষণ সংস্থা (IUCN) প্ৰতিষ্ঠিত হৈছিল___
(a) ১৯৪৫ চনত
(b) ১৯৫০ চনত
(c) ১৯৪৯ চনত
(d) ১৯৪৮ চনত
[ANS] ১৯৪৮ চনত
[Q] তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়-
(a) নিজৰ অধিকাৰত থকা ভূমি
(b) শিক্ষা
(c) কর্মদক্ষতা
(d) চৰকাৰ
[ANS] চৰকাৰ
[Q] ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল------
(a) ১৯৮৫ চনত
(b) ১৯৮৬ চনত
(c) ১৯৮৭ চনত
(d) ১৯৮৮ চনত
[ANS] ১৯৮৬ চনত
[Q] বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় প্ৰতিবছৰৰ----
(a) ৫ জুন তাৰিখে
(b) ৫ জুলাই তাৰিখে
(c) ৫ জানুৱাৰী তাৰিখে
(d) ৫ আগষ্ট তাৰিখে
[ANS] ৫ জুন তাৰিখে
[Q] তলৰ কোনটো জাতীয় সম্পদ -
(a) সূৰ্যৰ ৰশ্মি
(b) শিক্ষা
(c) শিক্ষানুষ্ঠান
(d) সাগৰ
[ANS] শিক্ষানুষ্ঠান
[Q] তলৰ কোনটো স্থানিক সম্পদ
(a) কয়লা
(b) সূৰ্যৰ ৰশ্মি
(c) বায়ু
(d) পানী
[ANS] কয়লা
[Q] কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ______ সম্পদ।
(a) ব্যক্তিগত সম্পদ
(b) আন্তঃৰাষ্ট্ৰীয় সম্পদ
(c) জাতীয় সম্পদ
(d) নিষ্ক্ৰিয় সামগ্ৰী
[ANS] জাতীয় সম্পদ
[Q] সম্পদ হবলৈ হ’লে-
(a) ইয়াৰ কার্যকৰিতা আৰু উপকাৰিতা থাকিব লাগে
(b) দাম আৰু মুল্য থাকিব লাগে
(c) প্ৰাকৃতিক আৰু সহজলভ্য হ’ব লাগে
(d) মানৱ সৃষ্ট হ’ব লাগে
[ANS] ইয়াৰ কার্যকৰিতা আৰু উপকাৰিতা থাকিব লাগে
[Q] তলৰ কোনটো সামগ্ৰী সম্পত্তি নহয়
(a) ঘৰ- দুৱাৰ
(b) বায়ু
(c) যন্ত্ৰ-পাতি
(d) বাহন
[ANS] বায়ু
[Q] ভাল চৰিত্ৰ এটা -
(a) ব্যক্তিগত সম্পদ
(b) প্ৰাকৃতিক সম্পদ
(c) জৈৱিক সম্পদ
(d) মানৱ সম্পদ
[ANS] ব্যক্তিগত সম্পদ
[Q] মানৱ সম্পদত আগবঢ়া দেশ হ’ল-
(a) ভুটান
(b) জাপান
(c) পাকিস্তান
(d) ঘানা
[ANS] জাপান
[Q] ICUN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত
(a) UNESCO
(b) WWF
(c) UNO
(d) UNEP
[ANS] UNESCO
[Q] তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী নহয়
(a) সোণালী বান্দৰ
(b) শিহু
(c) নল-গাহৰি
(d) হাতী
[ANS] হাতী
Q. অৰ্থনৈতিক ভূগোলৰ দুটা অধ্যয়ন পদ্ধতি লিখা।
ANS: অৰ্থনৈতিক ভূগোলৰ দুটা অধ্যয়ন পদ্ধতি হ’ল----
1.আচৰণগত পদ্ধতি
2. আঞ্চলিক পদ্ধতি
Q IUCN ৰ মূল উদ্দেশ্যটো লিখা ।
ANS: IUCN ৰ মূল উদ্দেশ্য হ’ল--- সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিবেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।
Q. সম্পদ সংৰক্ষণ কিদৰে সফল কৰি তুলিব পাৰি তাৰ চাৰিটা পদ্ধতি লিখা।
ANS: সম্পদ সংৰক্ষণ ফলপ্রসূ কৰিবলৈ অৱলম্বন কৰিব পৰা বিভিন্ন পদ্ধতি সমূহৰ চাৰিটা পদ্ধতি তলত উল্লেখ কৰা হ’ল।
i) বিকল্প সম্পদৰ সন্ধান : কোনো এটা বহুলভাৱে ব্যবহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণ স্বৰূপে কয়লা, খনিজ তেল প্রাকৃতিক গেছ আদিৰ দৰে অনবীকৰনযোগ্য আৰু বহুলভাৱে ব্যৱহৃত সম্পদৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰ শক্তি, জলবিদ্যুৎ শক্তি, বতাহৰ শক্তি, জৈৱ শক্তি আদি নৱীকৰনযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে।
ii) পুনৰাৱৰ্তন: সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰোপযোগী বৰ্জিত দ্ৰব্যৰ পুনৰাবৰ্তনৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি। পুৰণি পলিখিন বেগ, প্লাষ্টিক বটল, কাগজ, লোৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ’লেও সংৰক্ষণ কৰিব পাৰি।
iii) অভিযোজন বা নৱপ্ৰচলন : অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰোপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্রচলন প্রক্রিয়া প্ৰয়োগ কৰিব লাগে। উদাহৰণ স্বৰূপে, কৃষিকাৰ্যত ৰাসায়নিক দ্ৰব্যৰ সলনি জৈৱিক সাৰ, জৈব কীটনাশক আদি ব্যৱহাৰ কৰিব লাগে।
iv) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্রাস: কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি সম্পদ সংৰক্ষণ কৰিব পাৰি।
Q. সম্পদ সংৰক্ষণৰ সঠিক ৰূপায়ণ কিদৰে কৰিব পাৰি?
ANS: সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়।
কিন্তু এই সম্পদ সংৰক্ষণ প্ৰক্ৰিয়াটো নিজে নিজে কাৰ্যক্ষম হৈ থাকিব নোৱাৰে। ইয়াৰ সঠিক ৰূপায়ণৰ বাবে কিছুমান সুবিবেচিত আৰু সুপৰিকল্পিত আঁচনিৰ প্রয়োজন। এনে আঁচনিসমূহ ফলপ্ৰসূ কৰিবলৈ চৰকাৰ আগবাঢ়ি অহাৰ লগতে জনসচেতনতাৰ প্ৰয়োজন। সম্পদৰ সংৰক্ষণ ফলপ্রসূ কৰিবলৈ নিম্নলিখিত পদ্ধতি তথা ব্যৱস্থাসমূহ আঁচনিৰ অন্তৰ্ভুক্ত কৰাটো নিতান্ত প্রয়োজন।
১) বিকল্প সম্পদৰ সন্ধান,২)পুনৰাৱৰ্তন, ৩)অভিযোজন বা নৱ প্রচলন, ৪)বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস, ৫) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ, ৬) সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ, ৭) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন, ৮) সম্পদসমূহৰ ভৱিষ্যৎ প্রয়োজন নিৰ্ধাৰণ।
Q. অর্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ হ’লে বস্তু এটাৰ কোন দুটা গুণ লাগে ?
ANS: অর্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ হ’লে বস্তু এটাৰ থাকিব লগা গুণ দুটা হ’ল----
১) উপকাৰিতা
২) কাৰ্যকাৰিতা
Q. মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি?
ANS: যি অৰ্থনৈতিক কাৰ্যৰ দ্বাৰা মানুহে শ্রমদান কৰি উৎপাদনমুখী হৈ অৰ্থ উপাৰ্জন কৰিব পাৰে তাকেই মানুহৰ অৰ্থনৈতিক বৃত্তি বোলা হয়। মানুহৰ অৰ্থনৈতিক বৃত্তি চাৰি প্ৰকাৰৰ। সেইবোৰ হ’ল—
(১) প্রাথমিক বৃত্তি, (২) দ্বিতীয়ক বৃত্তি, (৩) তৃতীয়ক বৃত্তি আৰু (৪) চতুৰ্থক বৃত্তি।
Q. অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি?
ANS: ভুগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।
অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু হৈছে— ভূ-পৃষ্ঠত থকা প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ বিষয়ে অধ্যয়ন কৰা, কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়ন, দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্য আদিৰ লগত জড়িত সকলো ধৰণৰ কথা আলোচনা কৰা ।
Q. অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
ANS: (১) কৃষি ভূগোল: অর্থনৈতিক ভূগোলৰ এটি অন্যতম প্রধান শাখা। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সুত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
(২) ঔদ্যোগিক ভূগোল: ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
(৩) সম্পদ ভূগোল: ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।
(৪) পৰিবহণ ভূগোল: ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়নত পৰিবহণ ব্যৱস্থাৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।
(৫) বজাৰ ভূগোল: ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়।
(৬) পৰিকল্পনা আৰু উন্নয়ন ভূগোল: অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়।
(৭) পৰ্যটন ভূগোল: ইয়াত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।
Q.“সম্পদ পৰিৱৰ্তনশীল”—ব্যাখ্যা কৰা।
ANS: উপযোগিতা, কাৰ্যকাৰিতা উপকাৰিতা আদিৰ দৰে পৰিৱৰ্তনশীলতা সম্পদৰ এটা বৈশিষ্ট। পৰিৱেশ আৰু পৰিস্থিতি অনুযায়ী সম্পদৰ ক্ষেত্ৰত সময়ে সময়ে পৰিৱৰ্তনশীলতা লক্ষ্য কৰা যায়। আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ’লেও বা মানুহৰ বাবে অপকাৰী হ’লেও ভবিষ্যতে সেই সামগ্ৰীয়ে সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধন কৰি সম্পদ হিচাবে পৰিগণিত হ’ব পাৰে। উদাহৰণস্বৰূপে, যেতিয়ালৈকে মানুহে শক্তিৰ উৎস হিচাবে কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল, তেতিয়ালৈকে এইবোৰ কেৱল নিষ্ক্ৰিয় সামগ্ৰীহে আছিল। কিন্তু বর্তমান কয়লা আৰু খনিজ তেল অতি গুৰুত্বপূৰ্ণ সম্পদ। সেইদৰে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ফলত বহু নিষ্ক্ৰিয় সামগ্ৰী বৰ্তমান সম্পদলৈ ৰূপান্তৰ হৈছে। সেইদৰে আজি সম্পদ বুলি গণ্য হোৱা এটা সামগ্ৰী সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয সামগ্ৰীলৈও ৰূপান্তৰিত হ’ব পাৰে।
Comments
Post a Comment
Please donot enter any spam link in the comment box.