জাতি গঠনৰ প্ৰত্যাহ্বানসমূহ

 জাতি গঠনৰ প্ৰত্যাহ্বানসমূহ

Q. ভাৰতৰ প্ৰথমগৰাকী প্রধানমন্ত্রী কোন আছিল?

উত্তৰ: পণ্ডিত জৱাহৰলাল নেহৰু


Q. স্বাধীন ভাৰতে কিমান ধৰণৰ প্রত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল?

উত্তৰ: তিনিধৰণৰ ।


Q. ১৯৪৭ চনৰ ১৪-১৫ আগষ্টত দুখন ৰাষ্ট্ৰৰ জন্ম হৈছিলএখন ভাৰত, আনখন কি আছিল?

উত্তৰ: পাকিস্তান।


 Q. দেশ বিভাজনৰ সময়ত বিভিন্ন সাম্প্রদায়িক মণ্ডলত বিভাজিত হৈ পৰা তিনিখন মহানগৰৰ নাম লিখা

উত্তৰ: অমৃতসৰ, লাহোৰ আৰু কলিকতা (কলকাতা)।


 Q. চৰ্দাৰ বল্লভভাই পেটেল কোন আছিল?

উত্তৰ: চৰ্দাৰ বল্লভভাই পেটেল আছিল স্বাধীনতা সংগ্ৰামৰ এজন অন্যতম নেতা তথা মহাত্মা গান্ধীৰ অনুগামী তথা স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী


 Q. স্বাধীনতাৰ সময়ত মণিপুৰৰ মহাৰজা কোন আছিল?

উত্তৰ: বোধচন্দ্ৰ।


Q.দেশ বিভাজনৰ দ্বাৰা কোন দুখন ৰাজ্য ক্ষতিগ্রস্ত হৈছিল?

উত্তৰ: বংগ প্ৰদেশ আৰু পঞ্জাব।

Q.“আমাৰ ভাৰতত থকা মুছলমান সংখ্যালঘুৰ সংখ্যা ইমান বেছি যে তেওঁলোকে যাওঁ বুলিলেও অন্য কোনো ঠাইলৈ যাব নোৱাৰে।”কথাষাৰ কোনে আৰু কেতিয়া কৈছিল?

 উত্তৰ: ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৯৪৭ চনৰ ১৫ অক্টোবৰত মূখ্যমন্ত্ৰীসকললৈ লিখা এখন পত্ৰত উল্লেখ কৰিছিল ।         

                                                                                                       

Q. স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে দ্বিৰাষ্ট্ৰৰ সূত্ৰ আগবঢ়াইছিল। এই সূত্রত অন্তর্ভূক্ত ৰাষ্ট্ৰ দুখন কি কি? 

উত্তৰ: ভাৰত আৰু পাকিস্তান ।

Q. কোনে আৰু কেতিয়া মহাত্মা গান্ধীক হত্যা কৰিছিল ?

উত্তৰ: ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনা আবেলিৰ এক প্ৰাৰ্থনা সভাত নাথুৰাম বিনায়ক গডছে ।


Q.ব্রিটিছ ভাৰতক বৃটিছে দুইধৰণৰ অঞ্চলত ভাগ কৰি শাসন কৰিছিল। সেই অঞ্চল দুটা কি কি আছিল?

উত্তৰ: বৃটিছ ভাৰতৰ প্ৰদেশ আৰু দেশীয় ৰাজ্য।


Q. ভাৰতৰ কোনটো অংশত সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত প্রথমে নির্বাচন অনুষ্ঠিত হৈছিল ?     

উত্তৰ: মণিপুৰ ।


Q.ভাৰতীয় নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল আৰু প্ৰথমগৰাকী মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল?

 উত্তৰ: ভাৰতীয় নিৰ্বাচন n ১৯৫০ চনত গঠন কৰা হৈছিল আৰু ইয়াৰ মূখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীৰ নাম আছিল সুকুমাৰ সেন।


Q.ৰাজ্য পুনৰগঠন আয়োগৰ দুটা প্রধান পৰামর্শ উল্লেখ কৰা।

 উত্তৰ: ১) ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ গঠন কৰা।
          ২) ১৬ খন ৰাজ্য আৰু ৩টা কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ পৰামৰ্শ।


Q. কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্রীয়শাসিত অঞ্চল গঠনৰ পৰামৰ্শ ৰাজ্য পুনৰগঠন আয়োগে আগবঢ়াইছিল?

উত্তৰ:  ১৬ খন ৰাজ্য আৰু ৩টা কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ পৰামৰ্শ আগবঢ়াইছিল।
          

Q.সংবিধানসভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? 

    উত্তৰ: ভীমৰাও ৰামজী আম্বেদকাৰ।

Q.কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা হৈছিল?

  উত্তৰ: ভাৰতৰ সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ অধীনত।


Q.NEFAৰ সম্পূৰ্ণ ৰূপটো লিখা।

  উত্তৰ: North East Frontier Agency.


Q. পূৰ্বে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে থকা বৰ্তমানৰ দুখন ৰাজ্যৰ নাম লিখা।

 উত্তৰ: মণিপুৰ আৰু ত্ৰিপুৰা।


Q.ভাৰতৰ লগত চামিলকৰণৰ ক্ষেত্ৰত সমস্যা সৃষ্টি কৰা দুখন দেশীয় ৰাজ্যৰ নাম লিখা।

 উত্তৰ: জুনাগড় আৰু হায়দৰাবাদ।


 Q.ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ দাবীক স্বীকৃতি দিছিল?

 উত্তৰ: ১৯২০ চনৰ নাগপুৰ অধিবেশনে।


 Q.পৰাধীন ভাৰতৰ ৫৬৫ খন দেশীয় ৰাজ্যৰ ভিতৰৰ বৃহত্তম দেশীয় ৰাজ্যখনৰ নাম কি?

 উত্তৰ: হায়দৰাবাদ

 Q.কিমান চনত নাগালেণ্ডে পৃথক ৰাজ্যৰ মৰ্যদা লাভ কৰিছিল?

 উত্তৰ: ১৯৬৩ চনত।

Q.দ্বি-জাতি তত্ব’ সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা।


উত্তৰঃ ১৯৪৭ চনত ভাৰত বিভাজনৰ প্ৰধান কাৰক হৈছে দ্বি-জাতি তত্ব। এই তত্ত্বটো আগবঢ়াইছিল মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই।দ্বি-জাতি তত্ত্বৰ মতে হিন্দু আৰু মুছলমান এই দুয়োটা সম্পূৰ্ণৰূপে পৃথক জাতি । সেইবাবে মুছলমানসকলৰ ৰাজনৈতিক, সাংস্কৃতিক তথা সামাজিক অধিকাৰৰ সুৰক্ষাৰ হেতু বৃটিছ শাসনাধীন ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠ ঠাইসমূহ একত্ৰিত কৰি তেওঁলোকৰ বাবে এক স্বতন্ত্ৰ গৃহভূমি থকাটো উচিত। সেয়ে এই তত্ত্ব অনুসৰি ব্ৰিটিছ ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠ  অঞ্চল সমূহকলৈ পাকিস্তান গঠনৰ দাবী উত্থাপন কৰা হৈছিল।



Q. স্বাধীনতাৰ পিছতেই ভাৰতে সন্মুখীন হোৱা   প্ৰত্যাহ্বানসমূহৰ বিষয়ে বৰ্ণনা কৰা।


উত্তৰঃ স্বাধীনতাৰ পিছতেই ভাৰতে সন্মুখীন হোৱা   প্ৰত্যাহ্বান তিনিটা হ'ল-----

(১) জাতি গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা:  ‌স্বাধীনতাৰ পিছতেই  ভাৰতে গ্ৰহণ কৰিব লগা এক প্ৰধান প্ৰত্যাহ্বান হ’ল জাতি গঠন বা এক ঐক্যবদ্ধ ভাৰত ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা।  ভাৰতবর্ষ এখন বিশাল ৰাষ্ট্ৰ। বহুতো ভৌগোলিক বিচিত্ৰতাৰে পূৰ্ণ ভাৰতবৰ্ষ বিভিন্ন জাতি-উপজাতি, ভাষা-ভাষী তথা বিভিন্ন ধর্মাবলম্বী লোকৰ বাসস্থান। ইতিমধ্যে ধৰ্মৰ ভিত্তিত হৈ যোৱা দেশ-বিভাজনে ভাৰতবাসীক আৰু শংকিত কৰি তুলিছিল। এই সকলো বোৰ দূৰ কৰি সকলোকে একত্ৰিত কৰি এখন ঐক্যবদ্ধ ভাৰত প্ৰতিষ্ঠা কৰাঁতো স্বাধীনতাৰ পিছৰ সময়ছোৱাত ৰাষ্ট্ৰ খনৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান আছিল।

(২) গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা কৰা:    স্বাধীনতাৰ সময়ত ভাৰতে সন্মুখীন হ’ব লগা আন এক বৃহৎ প্ৰত্যাহ্বান আছিল গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰা। ভাৰতৰ সংবিধানে জাতি-বর্ণ-ধর্ম-ভাষা-লিখে নির্বিশেষে সকলো ভাৰতীয় নাগৰিককে ভোটাধিকাৰ প্ৰদান কৰাৰ লগতে সুস্থ জীৱন যাপনৰ অৰ্থে ভালেসংখ্যক মৌলিক অধিকাৰো প্ৰদান কৰিছে। সংসদীয় শাসন ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ভাৰতত প্ৰতিনিধিত্বমূলক গণতান্ত্রিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। কিন্তু গণতান্ত্রিক ব্যৱস্থা এটা প্ৰতিষ্ঠা কৰিবলৈ গণতান্ত্রিক ভাবধাৰাৰে পৃষ্ঠ এখন সংবিধান অত্যন্ত প্রয়োজনীয় হলেও যথেষ্ট নহয়। সংবিধানসম্মতভাৱে শাসন কাৰ্য পৰিচালনা কৰাৰ লগতে এক সুস্থ । গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সৃষ্টিয়েহে গণতন্ত্রক স্থায়িত্ব প্ৰদান কৰিব পাৰে। সেয়েহে নতুনকৈ সৃষ্টি কৰা সংবিধানখনৰ প্ৰতি জনগণৰ মনত বিশ্বাস তথা অনুগত্য সৃষ্টি কৰা, নাগৰিকসকলৰ মাজত গণতান্ত্রিক প্ৰমূল্যবোধৰ সৃষ্টি কৰাৰ লগতে এটা সুদৃঢ় গণতান্ত্ৰিক পৰম্পৰা সৃষ্টি কৰাটো সেই সময়ৰ সবাতোকৈ প্ৰয়োজনীয় বিষয় আছিল।সেইয়ে ইয়াত গণতন্ত্ৰ বজাই ৰখা আৰু এখন সৰ্বসন্মত সংবিধান প্ৰস্তুত কৰাঁতো দেশীয় নেতৃত্বৰ আগত এক বৃহৎ প্ৰত্যাহ্বান আছিল।

(৩) সকলো লোকৰ সমবিকাশ: ভাৰতে স্বাধীনতাৰ সময়ত গ্ৰহণ কৰিব লগা আন এক অন্যতম প্ৰত্যাহ্বান আছিল ব্ৰিটীছ শাসনৰ ফলত ভাঙি পৰা দেশৰ অৰ্থনীতিক পুনৰ প্ৰতিষ্ঠা কৰা, সবল কৰা আৰু দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰা। যিহেতু ভাৰতৰ দৰে এখন বৃহৎ আৰু দৰিদ্ৰ দেশৰ দৰিদ্ৰতা দূৰ কৰা আৰু উন্নয়নৰ পথত অগ্ৰসৰ হোৱাতো ইমান সহজ নাছিল। তাৰ বাবে সকলো জনগণৰ সমূহীয়া সহযোগিতাৰো প্ৰয়োজন আছিল।ভাৰতৰ সংবিধানে জাতি-বর্ণ-ধৰ্ম-ভাষা নির্বিশেষে সকলে ব্যক্তিকে সমমর্যাদা প্রদান কৰাৰ লগতে সামাজিকভাৱে পিছপৰা ধৰ্মীয় আৰু সাংস্কৃতিক গোষ্ঠীসমূহক বিশেষ সুৰক্ষা প্ৰদান কৰিছে। ইয়াৰোপৰি ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ জৰিয়তে কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাট মুকলি কৰিছে। গতিকে মূল সমস্যাটো আছিল দৰিদ্ৰতা নির্মূল কৰা তথা আর্থিক বিকাশৰ বাবে যথোপযুক্ত নীতি নিৰ্ধাৰণ কৰা।


Q. ভাৰত বিভাজনৰ সময়ত সৃষ্টি হোৱা জটিলতাসমূহ আলোচনা কৰা।

  উত্তৰ:প্ৰথমতে, যদিও মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলসমূহকলৈ পাকিস্তান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল কিন্তু ইংৰাজ শাসনাধীন ভাৰতত তেনে মুছলমান অধ্যুষিত অঞ্চল আছিল। দুটা— পৰাধীন ভাৰতৰ পূৰ্ব অংশ আৰু পশ্চিম অংশ। আৰু এই দুয়োটা প্ৰান্তৰ চামিলকৰণৰ কোনো উপায় নাছিল । সেয়েহে এইটো সিদ্ধান্ত লোৱা হ'ল যে নতুনকৈ সৃষ্টি হ'বলগীয়া পাকিস্তান নামৰ ৰাষ্ট্ৰখনৰ ভূ-খণ্ড পূৰ্ব পাকিস্তান আৰু পশ্চিম পাকিস্তান নামে দুটা খণ্ডত বিভক্ত হ'ব।
দ্বিতীয়তে, সকলোবোৰ মুছলমান অধ্যুষিত অঞ্চল পাকিস্তানৰ লগত চামিল হ'বলৈ ইচ্ছুক নাছিল। উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ অবিসম্বাদী নেতা তথা সীমান্ত গান্ধী নামে খ্যাত আব্দুল গফৰ খানে দ্বি-জাতিতত্ত্ব আৰু ইয়াৰ আধাৰত হোৱা দেশ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল।

তৃতীয় সমস্যাটো পৰাধীন ভাৰতৰ পাঞ্জাৱ আৰু বংগ প্ৰদেশক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল। এই দুয়োখন প্রদেশতে মুছলমানসকল সংখ্যাগৰিষ্ঠ আছিল যদিও, বহু বিশাল অঞ্চলত অ- মুছলমানসকলৰ সংখ্যাগৰিষ্ঠতা আছিল। সেয়েহে এইটো সিদ্ধান্ত লোৱা হৈছিল যে এই দুয়োখন প্রদেশকে জিলা বা তাতোকৈয়ো তলৰ পৰ্যায়ত ধর্মীয় সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত ভাগ কৰা হ'ব। কিন্তু এই সিদ্ধান্তটো ১৪ বা ১৫ আগষ্টৰ মাজনিশা পর্যন্ত গ্ৰহণ কৰা হোৱা নাছিল। অর্থাৎ- এই দুয়োখন প্ৰদেশৰ লক্ষ লক্ষ জনতাই স্বাধীনতাৰ দিনাও তেওঁলোক পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছে নে ভাৰততে আছে সেইটোও গম পোৱা নাছিল।
চতুৰ্থ জটিলতাটো আছিল সীমান্তৰ দুয়োপাৰে সংখ্যালঘুসকলে সন্মুখীন হোৱা অবৰ্ণনীয় অত্যাচাৰ। দেশ-বিভাজন প্রক্রিয়া আগবঢ়াৰ লগে লগে দুয়োখন দেশতেই ধর্মীয় সংখ্যালঘু হৈ পৰিছিল আক্রমণৰ সহজ লক্ষ্য। দুর্ভাগ্যৰ কথা হ’ল যে কাৰো হাতত এনে ভয়ানক পৰিস্থিতি নিয়ন্ত্ৰণৰ উপায় নাছিল।




Comments