পৰিকল্পিত বিকাশৰ ৰাজনীতি

 

পৰিকল্পিত বিকাশৰ ৰাজনীতি 

Q. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কিহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল? দ্বিতীয় পৰিকল্পনা প্ৰথম পৰিকল্পনাতকৈ কি বিষয়ত পৃথক আছিল?

উত্তৰঃ ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই মূলত দেশৰ কৃষিখণ্ডৰ উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। এই পৰিকল্পনাৰ প্ৰধান লক্ষ্য বা উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু দেশ বিভাজনৰ ফলত ভাঙি পৰা ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰুদ্ধাৰ তথা পুনৰ প্ৰতিষ্ঠা কৰা আৰু দেশত খাদ্যশস্য, কপাহ আৰু মৰাপাটৰ উৎপাদন বৃদ্ধি কৰা।

         ১৯৫৬ চনত আৰম্ভ হোৱা দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা বহু পৃথক । এই পাৰ্থক্য সমূহ হৈছে এনে ধৰণৰঃ-

(ক) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই প্ৰধানকৈ কৃষি খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

      আনহাতে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষিখণ্ডৰ পৰিৱৰ্তে মূলত উদ্যোগ খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

(খ) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই ধীৰ গতিৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল কিন্তু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই দ্ৰুত উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল।

(গ) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য বা লক্ষ্য আছিল দ্বিতীয় বিশ্বযুদ্ধৰ আৰু দেশ বিভাজনৰ ফলত ধ্বংসপ্ৰাপ্ত হোৱা ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰ প্ৰতিষ্ঠা কৰা আৰু দেশত খাদ্যশস্য ,কপাহ,মৰাপাটৰ আদিৰ উৎপাদন বৃদ্ধি কৰা।

    আনহাতে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য লক্ষ্য বা উদ্দেশ্য আছিল বিকাশৰ এক আৰ্হি প্ৰস্তুত কৰা যিয়ে দেশখনত এখন সাম্যবাদী আদৰ্শৰ সমাজ প্ৰতিষ্ঠা কৰিব।

  এনেবোৰ বিষয়তে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰথম পৰিকল্পনাতকৈ পৃথক আছিল।

Q. সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক ফল উল্লেখ কৰা ।

উত্তৰঃ ভাৰতত ১৯৬০ ৰ দশকত দেখা দিয়া খাদ্য সংকটৰ ফলাফলৰূপে ৰাষ্ট্ৰখনে খাদ্য সামগ্ৰীৰ বাবে বিদেশী ৰাষ্ট্ৰ বিশেষকৈ আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় আৰু ইয়াৰ সুবিধা গ্ৰহণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ আভ্যন্তৰীণ ক্ষেত্ৰত আৰু নীতিত হস্তক্ষেপ কৰিবলৈ ধৰে। এনে পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ভাৰতে খাদ্য শস্যৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে ১৯৬০ ৰ দশকৰ মধ্যভাগৰ পৰা কৃষিক্ষেত্ৰ খনত পৌৰাণিক পদ্ধতি আৰু কৌশলৰ পৰিৱৰ্তে আধুনিক প্ৰযুক্তিবিদ্যাযুক্ত পদ্ধতি তথা কৌশলৰ প্ৰয়োগ কৰিবলৈ ধৰে। কৃষিখণ্ডত উন্নত ধৰণৰ শস্যৰ বীজ, সাৰ আৰু জলসিঞ্চনৰ আদিৰ প্ৰয়োগৰ দ্বাৰা উৎপাদন বৃদ্ধিৰ যি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল তাকে ‘সেউজ বিপ্লৱ’ ৰূপে জনা যায়।

    সেউজ বিপ্লৱৰ বহুতো ইতিবাচক আৰু নেতিবাচক পৰিণতি বা ফলাফল আছে। তাৰে কিছুমান তলত উল্লেখ কৰা হ’লঃ

ইতিবাচক ফলাফলঃ

(১) সেউজ বিপ্লৱৰ এক ইতিবাচক ফলাফল হ’ল যে এই বিপ্লৱৰ ফলস্বৰূপে ভাৰতত দুই প্ৰধান শস্য ঘেঁহু আৰু ধানৰ উৎপাদন অভূতপূৰ্বভাৱে বৃদ্ধি পায়।

(২) এই বিপ্লৱৰ আন এক প্ৰধান ফলাফল হ’ল যে এই বিপ্লৱৰ ফলতে ভাৰতৰ কৃষি পদ্ধতিৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন হয়।

(৩) সেউজ বিপ্লৱে ভাৰতক এখন খাদ্য শস্যৰ ৰপ্তানিকাৰি ৰাষ্ট্ৰলৈ পৰিণত কৰে। যাৰ দ্বাৰা ভাৰতে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ সম্ভ্ৰম আদায় কৰিবলৈ সক্ষম হয়।

নেতিবাচক ফলাফলঃ

(১) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষি মাটিত কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ ব্যৱহাৰে খহনীয়াৰ আৰু প্ৰদূষণৰ সৃষ্টি কৰিছিল।

(২) এই বিপ্লৱৰ পৰিণতিৰূপে ভাৰতৰ কৃষিখণ্ডত আনুবংশিক বা বংশানুক্ৰমিক বিভিন্নতাৰ যথেষ্ট ক্ষতি সাধন হয়।

(৩) সেউজ বিপ্লৱে ভাৰতৰ পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ পশ্চিম অংশৰ কৃষকসকলকহে উপকৃত কৰিছিল।

Q. সেউজ বিপ্লৱৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ফলাফলসমূহ আলোচনা কৰা।

উত্তৰ: ৰাজনৈতিক ফলাফল 

(১) সেউজ বিপ্লৱে ভাৰতক এখন ভোকাতুৰ ৰাষ্ট্ৰৰ পৰা খাদ্যশস্য ৰপ্তানি কৰাৰ সক্ষমতা থকা ৰাষ্ট্ৰলৈ পৰিণত কৰে । এই সফলতাৰ বাবে ৰাষ্ট্ৰখনে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সম্ভ্ৰম আদায় কৰিবলৈ সক্ষম হয়।

(২) এই বিপ্লৱে পৰোক্ষভাৱে ইন্দিৰা গান্ধী আৰু কংগ্ৰেছক অধিক শক্তিশালী কৰি গঢ়ি তোলাত সহায় কৰিছিল।

(৩)সেউজ বিপ্লৱৰ দ্বাৰা অৱহেলিত  আৰু পিছপৰা অঞ্চলসমূহৰ কৃষকসকলক লৈ পৰৱৰ্তী সময়ত মাওবাদীৰ দৰে সন্ত্রাসবাদী সমস্যাৰ সৃষ্টি হৈছিল ।

(৪) সেউজ বিপ্লৱৰ আঁচনিয়ে পৰৱর্তী সময়ত ভাৰতত চলি থকা ভূমি সংস্কাৰ আঁচনিসমূহৰ গুৰুত্ব কমাই আনিলে।

অৰ্থনৈতিক ফলাফলঃ

(১) সেউজ বিপ্লৱে ভাৰতত দুই প্ৰধান শস্য ঘেঁহু আৰু ধানৰ উৎপাদন অভূতপূৰ্বভাৱে বৃদ্ধি হোৱাত সহায় কৰে।

(২) এই বিপ্লৱৰ পৰিণতিৰূপে ভাৰতবৰ্ষৰ কৃষিকাৰ্যৰ পদ্ধতি আৰু কৌশলৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন হয়।

(৩) এই বিপ্লৱৰ আন এক উল্লেখযোগ্য ফলাফল হ’ল যে ই ভাৰতক খাদ্যৰ দিশত স্বনিৰ্ভৰশীল কৰি গঢ়ি তোলে আৰু ভাৰতে বিশ্ব বেংকৰ পৰা লোৱা সমষ্ট ঋণ পৰিশোধ কৰাৰ সক্ষমতা অৰ্জন কৰে।

(৪) সেউজ বিপ্লৱে ভাৰতত স্থানীয় উৎপাদন খণ্ডৰ বৃদ্ধিত যথেষ্ট বিশেষভাৱে সহায় কৰে আৰু ই নিয়োগ সৃষ্টিৰ লগতে ৰাষ্ট্ৰখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত বৰঙণি যোগাইছিল।

Q. পৰিকল্পনা মানে কি বুজা? বিকাশৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ সৰল অৰ্থত পৰিকল্পনা মানে হ’ল পূৰ্বপৰিকল্পিত বা পূৰ্ব নিৰ্ধাৰিত উদ্দেশ্য আৰু লক্ষ্য পূৰণৰ বাবে এক সম্প্ৰদায় বা ব্যক্তিৰ সমষ্টিয়ে কৰা এক সচেতন প্ৰচেষ্টা। পৰিকল্পনাই লক্ষ্য আৰু লক্ষ্য পূৰণৰ সমন্বয়ক সূচায়।

   এখন ৰাষ্ট্ৰৰ উন্নয়ন আৰু বিকাশত পৰিকল্পনাই মুখ্য ভূমিকা পালন কৰে । ৰাষ্ট্ৰৰ সৰ্বতো দিশৰ বিকাশ আৰু প্ৰগতিৰ বাবে সুপৰিকল্পিত পৰিকল্পনাৰ অতিকে আৱশ্যক । সেয়ে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বিকাশৰ বাবে সকলোবোৰ দিশ চালি-জাৰি অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰস্তুত কৰা হয়। অৰ্থনৈতিক পৰিকল্পনাই এখন দেশৰ সম্পদৰাজি আৱিষ্কাৰ কৰি সেইসমূহৰ কেনে বিতৰণৰ ফলত দেশত অৰ্থনৈতিক বিকাশ সাধন হ’ব, সেই সকলো দিশ ভালদৰে বিবেচনা কৰি পৰিকল্পনা নিৰ্মাণ কৰা হয়। পৰিকল্পনাৰ মূল লক্ষ্য বা উদ্দেশ্যই হ’ল দেশখনৰ সৰ্বাধিক বিকাশ সাধন কৰা।

   মূলত এখন দেশৰ অৰ্থনৈতিক বিকাশত পৰিকল্পনাৰ যথেষ্ট প্ৰয়োজনীয়তা আৰু গুৰুত্ব আছে। এক সুপৰিকল্পিত আৰু শক্তিশালী পৰিকল্পনাৰ অবিহনে এখন দেশৰ সৰ্বাধিক বিকাশ অসম্ভৱ। গতিকে দেশৰ বিকাশত পৰিকল্পনাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বসমূহ হ’লঃ-

(১) অৰ্থনৈতিক পৰিকল্পনাই এখন দেশৰ অৰ্থনৈতিক সম্পদৰাজিৰ দক্ষ আৰু উপযুক্ত ব্যৱহাৰত ব্যাপক সহায় কৰে। সুসংগঠিত পৰিকল্পনাই দেশৰ সম্পদৰাজিৰ সীমিত উৎসৰ দ্বাৰাই নূন্যতম প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰে।

(২) তদুপৰি পৰিকল্পনাই সু-বিতৰণ আৰু উৎপাদনৰ ব্যৱস্থাৰ জৰিয়তে এখন সমাজৰ মৌলিক প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাত যথেষ্ট সহায় কৰে।

(৩) তাৰোপৰি পৰিকল্পনাই এক নিৰ্ধাৰিত সময় সূচীৰ ভিতৰত এক নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰাত সহায় কৰে।

(৪) সু -পৰিকল্পিত পৰিকল্পনাই এখন দেশৰ নিৰক্ষৰতা, নিৱনুৱা, দৰিদ্ৰতা আদি সমাজৰ বিভিন্ন সমস্যাৰ নিৰ্মূল কৰি দেশখনৰ সামাজিক বিকাশত ব্যাপক সহায় কৰে।

(৫) এক সু-সংগঠিত পৰিকল্পনাই দেশৰ সমাজৰ সন্তলিত আৰু বৈষম্যহীন সম অৰ্থনৈতিক উন্নয়ন আৰু বিকাশ সাধনত গুৰুত্বপূৰ্ণ সহায় আগবঢ়াই। ই সমাজৰ সকলো শ্ৰেণীৰ উন্নয়ন আৰু বিকাশত সহায় কৰে।

  এনেদৰে এখন দেশৰ বিকাশ আৰু প্ৰগতিৰ বাবে সুসংগঠিত পৰিকল্পনাৰ ব্যাপক প্ৰয়োজনীয়তা আছে। এখন দেশৰ অৰ্থনৈতিক ক্ষেত্ৰকে ধৰি ৰাজনৈতিক, সামাজিক, শিক্ষা, চিকিৎসা, বিজ্ঞান-প্ৰযুক্তি আদি সকলো ক্ষেত্ৰৰ বিকাশ আৰু উন্নয়নৰ বাবে পৰিকল্পনা অত্যাৱশ্যকীয় আৰু এক পূৰ্ব চৰ্ত। এক সুসংগঠিত আৰু সুপৰিকল্পিত পৰিকল্পনাৰ দ্বাৰাহে দেশৰ বিকাশ সম্ভৱ। সকলো ক্ষেত্ৰত পৰিকল্পনাৰ প্ৰয়োজন। সেয়ে বৰ্তমান বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰই আৰু ইয়াৰ চৰকাৰে নিজৰ দেশৰ বিকাশ আৰু প্ৰগতিৰ লগতে সম্পদৰাজি সুব্যৱহাৰ আৰু সম বিতৰণৰ বাবে পৰিকল্পনাৰ প্ৰস্তুত কৰে। ভাৰতেও পৰিকল্পনাৰ ব্যৱস্থা অৱলম্বন কৰি আহিছে যি ৰাষ্ট্ৰখনৰ বিকাশৰ বাবে অতিকে প্ৰয়োজনীয়। পৰিকল্পনাৰ ওপৰত ভিত্তি কৰিয়ে ভাৰত চৰকাৰে দেশখনৰ সৰ্বতো দিশৰ বিকাশৰ বাবে কাম কৰি আহিছে। গতিকে দেখা যায় যে বিকাশৰ বাবে পৰিকল্পনাৰ অতিকে প্ৰয়োজন।

Q.ভাৰতৰ পৰিকল্পনা মূল উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ ভাৰতৰ পৰিকল্পনাৰ  মূল উদ্দেশ্য হ’লঃ

(১)  জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধনঃ ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য হৈছে দেশখনৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰা আৰু তেওঁলোকক এক সুস্থ জীৱন যাপনত সহায় কৰা।

(২) দেশৰ জাতীয় আয় বৃদ্ধিঃ ভাৰতৰ পৰিকল্পনাৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল দেশৰ জাতীয় আয় বৃদ্ধি কৰা যিয়ে ভাৰতৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।

(৩) দেশীয় সম্পদৰ দক্ষ ব্যৱহাৰঃ ভাৰত প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা অতি চহকী ৰাষ্ট্ৰ। প্ৰাকৃতিক সম্পদৰ বৃহৎ ভাণ্ডাৰ ইয়াত আছে। দেশত উপলব্ধ এই সম্পদ সমূহৰ উপযুক্ত আৰু দক্ষ ব্যৱহাৰ ভাৰতৰ পৰিকল্পনাৰ আন এক উদ্দেশ্য যিয়ে ভাৰতৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।

(৪) অৰ্থনৈতিক বৈষম্যতাৰ হ্ৰাসঃ ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আন এক অন্যতম উদ্দেশ্য হ’ল দেশত প্ৰচলিত অৰ্থনৈতিক বৈষম্যতা বা অসমতা হ্ৰাস কৰা আৰু সাম্যবাদী আদৰ্শযুক্ত এক সমাজ আৰু কল্যাণকামী ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা।

(৫) দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাঃ ভাৰতৰ পৰিকল্পনাৰ আন এক উল্লেখযোগ্য উদ্দেশ্য হ’ল ৰাষ্ট্ৰখনত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা।

(৬) আঞ্চলিক বৈষম্য দূৰীকৰণ:  ভাৰতৰ পৰিকল্পনাৰ অন্য এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল ৰাষ্ট্ৰখনৰ সকলো অঞ্চলৰ সম বিকাশৰদ্বাৰা আঞ্চলিক বৈষম্য দূৰীকৰণ। যিহেতু স্বাধীনতাৰ কালছোৱাত ৰাষ্ট্ৰখনত আঞ্চলিক ভাৰসাম্য নাছিল। গতিকে পৰিকল্পনাৰ দ্বাৰাই ভাৰতত তুলনামূলকভাৱে পিছপৰি থকা অঞ্চল তথা ৰাজ্যসমূহৰ দ্ৰুত বিকাশেৰে আঞ্চলিক সমতা প্ৰতিষ্ঠাৰ চেষ্টা চলোৱা।

Q.কোন চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? 

ত্তৰ: 1950 চনৰ 15 মাৰ্চত।


Q. বর্তমান ভাৰতত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্রতিষ্ঠান গঢ়ি তোলা হৈছে?

উত্তৰঃ NITI (National Institution For Transforming India)আয়োগ।


Q. ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কাক আখ্যা দিয়া হয়। 

উত্তৰঃ M.S. Swaminathan 


Q.ভাৰতৰ দুগ্ধ মানৱ কাক আখ্যা দিয়া হয়?

উত্তৰঃ ভার্গিজ কুৰিয়েন।


Q. বাওঁ বা বামপন্থী আৰু সোপন্থী বুলিলে কি বুজা?

উত্তৰ : বাওঁ বা বামপন্থী বুলিলে সেইসকলক বুজায়, যি দৰিদ্ৰ আৰু নিপীড়িতসকলৰ পক্ষত থিয় দিয়ে আৰু এইসকলৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা নীতিক সমর্থন কৰে। সোপন্থী বুলিলে সেইসকলক বুজোৱা হয়, যি বিশ্বাস কৰে যে মুক্ত প্রতিযোগিতা আৰু বজাৰ, অর্থনীতিয়েহে কেৱল প্ৰগতি সাধন কৰিব পাৰে।


Q. FYP কি?

উত্তৰ: Five Year plan.


Q. বিকাশৰ দুটা আৰ্হি আছিল, এটা আছিল উদাৰ পুঁজিবাদী আৰ্হি আৰু আনটো কি?

উত্তৰ: সমাজবাদী আৰ্হি।


Q.নীতি আয়োগৰ অধ্যক্ষ কোন?

উত্তৰঃ প্ৰধান মন্ত্ৰী।


Q. POSCOৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ Pohag Iron and Steel Company.


Q.ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ পি চি মহলান’বিচ।


Q. AMULৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ Anand Milk Union Limited.


Q. ভৰতবৰ্ষই পৰিকল্পনাৰ ধাৰণাটো ক'ৰ পৰা গ্ৰহণ কৰিছিল?

উত্তৰঃ ভৰতবৰ্ষই পৰিকল্পনাৰ ধাৰণাটো ছোভিয়েট ইউনিয়নৰ পৰা গ্ৰহণ কৰিছিল।


Q. কোন বছৰৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল।

উত্তৰঃ ১৯৫১ চনৰ ১ এপ্ৰিলৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল।


Q. পৰিকল্পনাৰ কেৰেলা আৰ্হি কি?'কেৰালা আৰ্হি'ৰ জৰিয়তে কি বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছিল?

উত্তৰ:


উত্তৰঃ কেন্দ্ৰীভূত পৰিকল্পনা ভাৰতত গ্ৰহণ কৰাৰ সময়তে কেৰেলাই পৰীক্ষামুলকভাৱে বিকেন্দ্ৰীভূত পৰিকল্পনাৰ আৰ্হি উদ্ভাৱন কৰে।এই পৰিকল্পনা আৰু বিকাশৰ পথটোক কেৰেলা আৰ্হি বুলি জনা যায় ।শিক্ষা, স্বাস্থ্য, ভূমি সংস্কাৰ আৰু ফলপ্ৰসূ খাদ্য বিতৰণ আদি বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।


Q. মিশ্র অর্থনীতি কি?

উত্তৰঃ মিশ্র অর্থনীতি হ’ল এনে এক অর্থনৈতিক বিকাশৰ আৰ্হি য’ত চৰকাৰী খণ্ড আৰু বেচৰকাৰী খণ্ড উভয়ৰে ওপৰত গুৰুত্ব প্রদান কৰা হয়।


Q. পৰিকল্পনা বিশ্ৰাম বা পৰিকল্পনা অৱকাশ কি?

উত্তৰঃ  প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হোৱা লৈকে জনগণৰ মাজত যথেষ্ঠ উৎসাহ উদ্দীপনা বৰ্তি আছিল। কিন্তু লাহে লাহে জনগণৰ মাজত পূৰ্বৰ উৎসাহ উদ্দীপনা স্তিমিত হব ধৰে । কিয়নো 1962 চনৰ ভাৰত আৰু চীনৰ যুদ্ধ, খৰাং বতৰ আদিয়ে  দেশখনৰ অৰ্থনীতিও গভীৰ সংকটত পেলাইছিল। সেয়ে লাহে লাহে জনগণৰ মাজত পৰিকল্পনা ব্যবস্থা আৰু অগ্ৰগতি লৈ দেশখনত সমালোচনা আৰম্ভ হৈছিল। তেনে পৰিস্থিতিত 1966 চনত চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হব লাগিছিল যদিও উল্লেখিত বিভিন্ন সমস্যা তথা সংকটৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পঞ্চবাৰ্ষিক পৰিকল্পনা তিনি বছৰৰ বাবে স্থগিত ৰাখিছিল। এই স্থগিত ৰখা সময়ছোৱাক পৰিকল্পনাৰ বিশ্ৰাম তথা অৱকাশ নাইবা প্লান হল্ডিং বা প্লান হলিডে বুলি কোৱা হয়। 


Q.দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ খনিকৰ বা প্ৰস্তুত কৰ্তা কোন আছিল? 

উত্তৰঃ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰ্তা বা খনিকৰ আছিল  এজন বিশিষ্ট পৰিসংখ্যাবিদ P.C Mahalanobis।  


Q. বোম্ব পৰিকল্পনা কি?

উত্তৰঃ সাধাৰণতে উদ্যোগপতি বা ব্যক্তিগত বিনিয়োগকাৰীসকল পৰিকল্পনাৰ ধাৰণাটোৰ বিৰুধী। তেওঁলোকে মূলধনৰ সৰবৰাহত ৰাষ্ট্ৰৰ কোনো নিয়ন্ত্ৰণ নথকা মুক্ত অৰ্থনীতি বিচাৰে। কিন্তু ভাৰতত তেনে হোৱা নাছিল। ইয়াত ১৯৪৪ চনত কিছসংখ্যক উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ ভাৰতত পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠা কৰাৰ বাবে এটা যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰকাশ কৰে। এই প্ৰস্তাৱক বোম্বে পৰিকল্পনা oবোলে।


Q. ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ-ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত দেশত পৰিকল্পিত বিকাশৰ বাবে কি ধৰণৰ আৰ্হি গ্ৰহণ কৰা হ’ব তাকে লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।  বিশেষকৈ তিনিটা বিতৰ্কৰ সৃষ্টি হৈছিল। সেয়া হ’লঃ (১) কৃষি খণ্ড নে উদ্যোগ খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব আৰু (২)  ৰাজহুৱা নে ব্যক্তিগত খণ্ডক গুৰুত্ব প্ৰদান কৰা হ’ব ( ৩) কেন্দ্ৰীভূত পৰিকল্পনা আৰু গণবিতুষ্টি

(১) কৃষি খণ্ড আৰু উদ্যোগ খণ্ডৰ মাজৰ বিতৰ্কঃ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষি খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত প্ৰধানকৈ উদ্যোগ খণ্ডৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল। এইদৰে ভাৰতত উদ্যোগ খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে উদ্যোগ নে কৃষিখণ্ডত অধিক অগ্ৰাধিকাৰ দিয়া হ’ব তাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হয়। কোনোৱে বিকাশৰ বাবে কৃষিখণ্ডৰ ওপৰত অধিক গুৰুত্ব দিয়াটো বিচাৰিছিল আৰু কোনোৱে ঔদ্যোগিক খণ্ডত অধিক গুৰুত্ব দিয়াৰ পোষকতা কৰিছিল । কৃষি খণ্ডৰ বিকাশৰ সমৰ্থকসকলে যুক্তি দিছিল উদ্যোগীকৰণে চহৰাঞ্চলৰ এচাম উদ্যোগপতিৰ বাবে উন্নয়ন কঢ়িয়াই অনাৰ বিপৰীতে গ্ৰামাঞ্চলৰ কৃষকসকলক দ্ৰৰিদ্ৰতাৰ বুকুলৈ ঠেলি দিব। শেষত পৰিকল্পনাকাৰীসকলে সকলো বিতৰ্ক আৰু সমালোচনাৰ প্ৰত্যুত্তৰ দি দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰা যে দেশৰ দ্ৰুত বিকাশ আৰু উন্নয়ন সম্ভৱ তাক প্ৰমাণ কৰি বিভিন্ন যুক্তি দাঙি ধৰে। তেনে দুটা যুক্তি হ’লঃ-

(ক) প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আৰু মানৱ সম্পদৰ গৰাকী ভাৰত উদ্যোগৰ বাবে পূৰ্ণৰূপে উপযুক্ত।

(খ) দেশৰ জাতীয় আৰু জনমূৰি আয়ৰ দ্ৰুত বৃদ্ধি একমাত্ৰ দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰাহে সম্ভৱ।

(২) ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজৰ বিতৰ্কঃ  স্বাধীনতা লাভৰ আৰম্ভণিৰ সময়ছোৱাত ভাৰতৰ সন্মুখত অৰ্থনৈতিক বিকাশৰ দুটা আৰ্হি আছিল- পুঁজিবাদী আৰ্হি আৰু সমাজবাদী আৰ্হি। ভাৰতে কিন্ত এই দুই আৰ্হিৰ কোনো এটা সম্পূৰ্ণ ৰূপে গ্ৰহণ কৰাৰ পৰিৱৰ্তে এই দুই আৰ্হি বা আদৰ্শৰ মিশ্ৰণ মিশ্ৰ অৰ্থনীতিৰ আৰ্হি গ্ৰহণ কৰিছিল। এনে অৰ্থনৈতিক ব্যৱস্থাত দেশৰ উৎপাদনৰ আহিলাসমূহৰ ওপৰত চৰকাৰী বা ৰাজহুৱা খণ্ড আৰু বেচৰকাৰী বা ব্যক্তিগত খণ্ড এই দুয়োটাৰে মালিকীস্বত্ব থাকে। ভাৰতত এই ব্যৱস্থাৰ অধিনত কৃষি, বাণিজ্য, উদ্যোগসমূহৰ অধিকাংশ বেচৰকাৰী বা ব্যক্তিগত খণ্ডক অৰ্পণ কযা হয় আৰু গধুৰ উদ্যোগসমূহ ৰাজহুৱা খণ্ড বা ৰাষ্ট্ৰৰ অধিনত ৰখা হয়। দুই খণ্ডকে ভাৰতত সমানে প্ৰাধান্য দিয়া হোৱা নাছিল, ৰাজহুৱা খণ্ডকহে অধিক অগ্ৰাধিকাৰ দিয়া হৈছিল। সেয়ে ইয়াক কেন্দ্ৰ কৰি বহু বিতৰ্ক আৰু সমালোচনাৰ সৃষ্টি হৈছিল। এচাম সমালোচকৰ মতে দেশৰ পৰিকল্পনাকাৰীসকলে ব্যক্তিগত বা বেচৰকাৰী খণ্ডক আৱশ্যকীয় সা-সুবিধা প্ৰদান কৰা নাই আৰু তাৰ বিপৰীতে ৰাজহুৱা খণ্ডক জোখতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে। কিন্ত সেই অনুসৰি ৰাজহুৱা খণ্ডৰ অধিনস্থ উদ্যোগসমূহে চৰকাৰ বা ৰাষ্ট্ৰৰ বিকাশত বিশেষ সহায় আগবঢ়াব পৰা নাই। তদুপৰি ৰাষ্ট্ৰৰ অতিমাত্ৰা নিয়ন্ত্ৰণে দেশত দুৰ্নীতিৰহে পথ প্ৰসস্ত কৰিছে।

 অৱশেষত ভাৰতত লাহে লাহে ভাৰতত ব্যক্তিগত খণ্ডৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰে।প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে তেওঁৰ শাসন কালছোৱাত উদাৰীকৰণৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰে।তাৰ পিছত ১৯৯১ চনত নৰসিংহ ৰাওৰ শাসন কালত ভাৰতৰ অৰ্থনীতিৰ ব্যাপক সংস্কাৰ সাধন কৰা হয় আৰু ফলত ব্যক্তিগত খণ্ডৰ গুৰুত্ব ক্ৰমে বৃদ্ধি হ’বলৈ ধৰে। মুনাফা দিবলৈ অসক্ষম হোৱা দেশৰ সকলো দুৰ্বল আৰু ৰুগ্ন উদ্যোগ ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰা হয়। এনেদৰে দিনক দিনে ব্যক্তিগত খণ্ডৰ গুৰুত্ব বৃদ্ধি পাই যাব ধৰে।

(৩) কেন্দ্ৰীভূত পৰিকল্পনা আৰু গণবিতুষ্টি: বহু অর্থনীবিদ, সমাজতত্ত্ববিদ তথা অন্যান্য সচেতন লোকে ভাৰতৰ কেন্দ্রীকৃত পৰিকল্পনা ব্যবস্থা আৰু বিকাশ আর্হি সম্পর্কে সংশয় ব্যক্ত কৰিলে। এনে অভিযোগো উত্থাপিত হ'বলৈ ধৰিলে যে, ভাৰতীয় পৰিকল্পনা আয়োগ এক অ-গণতান্ত্রিক প্রতিষ্ঠান। ভাৰতবৰ্ষৰ স্বয়ং প্রধানমন্ত্রী সভাপতি হিচাপে থকা এই আয়োগ ভাৰতবৰ্ষৰ সংসদৰ ওচৰত দায়বদ্ধ নহয়। প্রধানতঃ বিশেষজ্ঞৰ দ্বাৰা গঠিত এই আয়োগে সৰ্বসাধাৰণ লোকৰ আশা-প্রত্যাশা বা প্রাথমিকতাক প্রতিনিধিত্ব কৰাতকৈও তেওঁলোকে শুদ্ধ আৰু দেশৰ প্ৰগতিৰ বাবে প্রয়োজনীয় বুলি ভবা দিশসমূহেই প্রাথমিকতা লাভ কৰে।


বর্তমান সময়ত এই অভিযোগে ব্যাপক গণ-অসন্তুষ্টিৰ ৰূপ ল'বলৈ ধৰিছে। বৃহৎ উদ্যোগ, নদীবান্ধ, ৰাষ্ট্ৰীয় ঘাই পা ইত্যাদি নিৰ্মাণৰ বাবে কৃষকৰ মাটি অধিগ্রহণ কৰা আৰু তাৰ বাবে পর্যাপ্ত ক্ষতিপূৰণ নিদিয়া তথা বিকল্প পুনৰ সংস্থাপন ব্যৱস্থা নকৰাৰ বাবে দেশৰ বিভিন্ন প্রান্তত বহুবোৰ গণ-আন্দোলনে গা কৰি উঠিছে। 




Comments