এক দলীয় প্ৰাধান্যৰ যুগ( Era of one party dominance)
Q.এক দলীয় প্ৰাধান্যই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক চৰিত্ৰক প্ৰভাৱিত কৰিছিল নে? যুক্তি সহকাৰে তোমাৰ মত দাঙি ধৰা।
উত্তৰ : স্বাধীনতাৰ পাছত দীঘলীয়া সময় ধৰি বিশেষকৈ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ ৰাজনীতিত প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই একদলীয় প্ৰাধান্যই গণতন্ত্ৰৰ মৌলিক চৰিত্ৰক সম্পূৰ্ণভাৱে নষ্ট নকৰিলেও কিছুমান সীমাবদ্ধতা সৃষ্টি কৰিছিল। বিৰোধী দলসমূহ দুর্বল আৰু বিভক্ত হোৱা বাবে চৰকাৰৰ জন বিৰোধী আৰু অগণতান্ত্ৰিক সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ বিৰোধী দলসমূহ বিফল হৈছিল। তথাপি সংবিধানৰ বিধান অনুযায়ী নিয়মিতভাৱে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰি জনগণক চৰকাৰ পৰিৱৰ্তন কৰাৰ সুযোগ দিয়া হৈছিল। সেয়ে, একদলীয় প্ৰাধান্যই গণতন্ত্ৰৰ ওপৰত আংশিক প্ৰভাৱহে পেলাইছিল বুলিব পাৰি, ই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো ধ্বংস কৰা নাছিল।
Q.ই.এম.এছ. নাম্বুদ্ৰিপাদে নেতৃত্ব দিয়া প্ৰথমখন অ-কংগ্ৰেছী চৰকাৰ কোন ৰাজ্যত গঠিত হৈছিল?
উত্তৰঃ কেৰালা
Q.ভাৰতত “এটা দলৰ প্ৰাধান্যৰ যুগ” বুলিলে কোনছোৱা সময়ক বুজায়?
A) ১৯৫২ চনৰ পৰা ১৯৬২ চন পৰ্যন্ত
B) ১৯৭৭ চনৰ পৰা ১৯৮৪ চন পৰ্যন্ত
C) ১৯৮৯ চনৰ পৰা ১৯৯৬ চন পৰ্যন্ত
D) ১৯৯৮ চনৰ পৰা ২০০৪ চন পৰ্যন্ত
উত্তৰ: A) ১৯৫২ চনৰ পৰা ১৯৬২ চন পৰ্যন্ত
Comments
Post a Comment
Please donot enter any spam link in the comment box.