পৰিকল্পিত বিকাশৰ ৰাজনীতি
পৰিকল্পিত বিকাশৰ ৰাজনীতি Q. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কিহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল? দ্বিতীয় পৰিকল্পনা প্ৰথম পৰিকল্পনাতকৈ কি বিষয়ত পৃথক আছিল? উত্তৰঃ ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই মূলত দেশৰ কৃষিখণ্ডৰ উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। এই পৰিকল্পনাৰ প্ৰধান লক্ষ্য বা উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু দেশ বিভাজনৰ ফলত ভাঙি পৰা ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰুদ্ধাৰ তথা পুনৰ প্ৰতিষ্ঠা কৰা আৰু দেশত খাদ্যশস্য, কপাহ আৰু মৰাপাটৰ উৎপাদন বৃদ্ধি কৰা। ১৯৫৬ চনত আৰম্ভ হোৱা দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা বহু পৃথক । এই পাৰ্থক্য সমূহ হৈছে এনে ধৰণৰঃ- (ক) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই প্ৰধানকৈ কৃষি খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। আনহাতে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষিখণ্ডৰ পৰিৱৰ্তে মূলত উদ্যোগ খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। (খ) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই ধীৰ গতিৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল কিন্তু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই দ্ৰুত উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল। (গ) ...